যোৱা ন,দহ আৰু এঘাৰ ছেপ্টেম্বৰ তাৰিখে চৰাইদেউ জিলাৰ সোণাৰি মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাৰ ৫২ বছৰ (ক’ভিদত দুবছৰ )ৰ অন্তত শিক্ষক-শিক্ষয়িত্ৰী,ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজৰ বিপুল সহযোগিতাত সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠানটিৰ সফল পৰিসমাপ্তি ঘটে ।
মহাবিদ্যালয়খনৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠান হিচাপে তিনিদিনীয়া বিভিন্ন কাৰ্যসূচীৰ লগতে মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ড০ ৰীতা দত্তৰ তত্বাৱধান ও পৰিচালনাৰে ছটিকৈ সমবেত সংগীতত অংশগ্ৰহণ কৰে প্ৰায় দুই শতাধিক শিল্পীয়ে ৷ সংগীতানুষ্ঠানৰ লগতে নৃত্যানুষ্ঠানো পৰিৱেশন কৰিলে প্ৰায় শতাধিক শিল্পীয়ে ৷
আনহাতে মহাবিদ্যালয়খনৰ প্ৰাক্তন ,স্থানীয় আৰু আমন্ত্ৰিত মুঠ কুৰিৰো অধিক কণ্ঠশিল্পীৰ অনুষ্ঠান পৰিবেশনে সামৰণি অনুষ্ঠানটিৰ সোণত সুৱগা চৰায় । বিহুসম্ৰাট খ্যাত মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ খগেন গগৈ,সোণাৰিৰ গৌৰৱ তথা প্ৰাক্তন ছাত্ৰ প্ৰশান্ত ৰাজখোৱা,জনপ্ৰিয় গায়িকা সুৱাসনা দত্ত,লোহিত গগৈ,আচুৰ্য বৰপাত্ৰগোহাঁই,ৰূপা মিলি, জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাস, নীল আকাশকে ধৰি বহু শিল্পীয়ে সোণালী জয়ন্তী অনুষ্ঠানৰ নিমন্ত্ৰণ ৰক্ষা কৰি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে ৷
অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত ৰাইজৰ বিপুল সঁহাৰিৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছে সোণাৰি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ড০ ৰীতা দত্তৰ লগতে আয়োজক সকলে ৷
ইমান এটা বৃহৎ অনুষ্ঠান সফল ভাৱে অনুষ্ঠিত হৈ যোৱাত সহায় আৰু সাহস যোগোৱা সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰি মহাবিদ্যালয়খনৰ অধ্যাপিকা গৰাকীয়ে কয় যে অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত পূৰ্ণ সহযোগিতা আগবঢ়োৱা বাদ্য যন্ত্ৰী সকলক কৃতজ্ঞতা জনাবলৈ তেওঁ শব্দহীন ! আনহাতে ছাত্ৰ-ছাত্ৰী সকলকো আন্তৰিক ধন্যবাদ জনোৱাৰ লগতে ভৱিষ্যতেও এনেদৰে কাম কৰি যাবলৈ ৰাইজৰ আশীৰ্বাদ বিচাৰিলে মহাবিদ্যালয়খনৰ অধ্যাপিকা ড০ তীতা দত্তই ।