মংগলবাৰে মহাৰাষ্ট্ৰৰ য়াবাতমাল জিলাৰ ফুলচাভাগি গাঁৱত ঘটিল এক অঘটন।২৪ বছৰীয়া এজন যুৱকে বহুদিন ধৰি কৰা চেষ্টাৰ অন্তত সাজি উলিওৱা এখন হেলিকপ্টাৰে কাঢ়িলে তেওঁৰেই জীৱন।
জানিব পৰা মতে শেখ ইছমাইল ইব্ৰাহিম নামৰ এই যুৱকজনে যোৱা দুটা বছৰে তেওঁৰ একমাত্ৰ আশাৰ সম্পদ হেলিকপ্টাৰ এখন নিৰ্মাণৰ কাম অব্যাহত ৰাখিছিল আৰু তেওঁ সফলো হৈছিল।
যিহেতু তেওঁ এজন দক্ষ মেকানিক হিচাপে এটা গেৰেজত কৰ্মৰত আছিল। তেওঁৰ সপোন আছিল এখন হেলিকপ্টাৰ নিৰ্মাণ কৰা। অৱশেষত এখন মাৰুতি গাড়ীৰ ইঞ্জিনৰ পৰা এটা চীটৰ এই হেলিকপ্টাৰখন সাজি উলিয়াইছিল।
কিন্তু কোনে জানিছিল তেওঁ নিজে সৃষ্টি কৰা এই হেলিকপ্টাৰ খন যে তেওঁৰ মৃত্যুৰ কাৰণ হব। কিছুদিন পূৰ্বে যান্ত্ৰিক বিজুতি হোৱা হেলিকপ্টাৰখন ভাল কৰিবলৈ বুলি চীটত বহি উৰুৱাবলৈ লওতেই এখন ব্লেড ঘূৰি আহি যুৱকজনৰ ডিঙিত আঘাত কৰে।
গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা যুৱকজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হৈছিল আৰু চিকিৎসা চলি থকাৰ মাজতেই যুৱকজনৰ মৃত্যু হ’য়।