জীৱনত কোনো কথা বা কামোতে খৰধৰ কৰিব নালাগে। শান্ত আৰু স্থিৰ ভাৱে জীৱনটো চলাবলৈ চেষ্টা কৰিব লাগে। এই নিয়মবোৰ মানি চলিলে আমি জীৱনটো সুন্দৰ স্থিৰ ভাৱে যাপন কৰিব পাৰিম-
১) আহাৰ খাওঁতে খুব লাহে লাহে খাব লাগে। কেইবাজনো মানুহ একেলগে বহি খাব লগা হ’লে সকলোৰে শেষত খোৱা শেষ কৰিবলৈ চেষ্টা কৰিব লাগে।
২) লাহে লাহে কথা ক’ব লাগে। আনে কথা কৈ থাকোঁতে মুখ পাতি ধৰিব নালাগে। তৰ্ক-বিতৰ্ক হ’লে নিজে শেষ কথাটো ক’বলৈ চেষ্টা কৰিব নালাগে।
৩) মাতটো সৰু কৰি ৰাখিব লাগে। কেতিয়াও চিঞৰিব নালাগে।
৪) খং উঠিব নালাগে। খং উঠিলে দীঘলকৈ কেইটামান উশাহ লৈ তাৰ পিছত শান্ত ভাৱে কথা ক’ব লাগে।
৫) খঙত দাঁত কামুৰি কথা ক’ব নালাগে। হাঁহি এটা মাৰি সকলো ধৰণৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব লাগে।