যোৱা নিশা তেলেংগানাৰ ছেকেণ্ডাৰাবাদৰ বহুমহলীয়া এটা অট্টালিকাত থকা এটা ইলেক্ট্ৰিক স্কুটাৰ শ্ব’ৰুম আৰু এখন হোটেলত সংঘটিত হোৱা ভয়াৱহ অগ্নিকাণ্ডৰ ফলত ৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক আহত হয় ।
প্ৰাপ্ত তথ্য অনুসৰি অট্টালিকাটোৰ তলৰ মহলাত থকা ইলেক্ট্ৰিক স্কুটাৰ শ্ব’ৰুমত এই অগ্নিকাণ্ড সংঘটিত হয় ৷ ইয়াৰ পৰাই ওপৰ মহলাত থকা হোটেল ৰুবি প্ৰাইডলৈ জুই বিয়পি পৰে ৷ য’ত কমেও ২৫ জন অতিথি আছিল ৷ জুই লগাৰ ফলত ওলোৱা ধোঁৱাত শ্বাসৰুদ্ধ হৈ অধিকাংশ লোকৰ মৃত্যু ঘটে ৷
Saddened by the loss of lives due to a fire in Secunderabad, Telangana. Condolences to the bereaved families. May the injured recover soon. Rs. 2 lakh from PMNRF would be paid to the next of kin of each deceased. Rs. 50,000 would be paid to the injured: PM @narendramodi
— PMO India (@PMOIndia) September 13, 2022
অগ্নিনিৰ্বাপক বাহিনীয়ে ক্ৰেন জখলা ব্যৱহাৰ কৰি কেইবাজনো লোকক উদ্ধাৰ কৰে ৷ কেইজনমান স্থানীয় লোকেও উদ্ধাৰ অভিযানত সহায় কৰে ৷ জুইৰ পৰা হাত সাৰিবলৈ একাংশ লোকে হোটেলৰ খিৰিকীৰে জপিয়াই ওলাই আহিবলৈ চেষ্টা কৰে ৷ আহত সকলক চিকিৎসাৰ বাবে মহানগৰীৰ বিভিন্ন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আৰু জুই নিয়ন্ত্ৰণ কৰা হৈছে বুলি হায়দৰাবাদৰ আৰক্ষী আয়ুক্ত চি ভি আনন্দই জানিবলৈ দিয়ে।
বিষয়াসকলে কয় যে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত অট্টালিকাটোত থকা পানী ছটিয়াই দিয়া ব্যৱস্থাটোৱে কাম কৰা নাছিল – যিটো এতিয়া তদন্ত চলি আছে। অগ্নিকাণ্ডৰ সঠিক কাৰণ জানিবলৈ তদন্তৰ নিৰ্দেশ দিয়া হৈছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক টুইটযোগে এই দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালৰ সদস্যক ২ লাখকৈ টকাকৈ আৰু আহতসকলৰ বাবে ৫০ হাজাৰকৈ টকাকৈ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰে।