১৪ বছৰীয়া এজন কিশোৰে তেওঁৰ সাহসিকতাৰ বাবে সকলোৰে প্ৰশংসা বুলিবলৈ সক্ষম হৈছে ।অতি পিছপৰা অঞ্চলৰ চাহ জনজাতি সম্প্ৰদায়ৰ এই ল’ৰাজনৰ নাম জোন চৱৰ। ৩চেপ্টেম্বৰ তাৰিখে অসাধাৰণভাৱে নিজৰ সাহসিকতাৰ পৰিচয় ডাঙি ধৰিবলৈ সক্ষম হৈছে তেওঁ ।
যি কথা বৰ্ণনা কৰি সামাজিক মাধ্যমত জোন চৱৰক কৃতজ্ঞতা জ্ঞাপন কৰি তেওঁৰ সাহসিকতাৰ কথা সকলোকে অৱগত কৰিছে তুল্য বৰা নামৰ এজন ব্যক্তিয়ে ।
তেওঁ দিয়া ঘটনাৰ বিৱৰণী মতে চৰাইদেউ জিলাৰ অন্তৰ্গত লাকুৱা আৰু বৰবাম সংযোগী দিচাং নদীৰ ওপৰত থকা পকী দলং খনৰ পৰা এগৰাকী মহিলা কিবা কাৰণত নদীত পৰি যায় আৰু সেই সময়ত নদীৰ কোবাল সোঁতে মহিলা গৰাকীক উটুৱাই লৈ যায় ।
কিন্তু সেই সময়তে মহিলা গৰাকীক উদ্ধাৰ কৰিবলৈ বহুতো মানুহ দৌৰি যায় যদিও কোনেও বুকুত সাহস গোটাব নোৱাৰিলে। অথচ এনে সময়তে ঘটনাস্থলীত উপস্থিত হয় এই জোন চৱৰ নামৰ ১৪ বছৰীয়া ল’ৰাজন । নদীৰ ডুব যাবলৈ ধৰা মহিলা গৰাকীক পানীত ওলোৱা সোমোৱা কৰি থকাৰ ভয়াবহ দৃশ্য দেখি জোনে নদীত জাঁপ দি সাঁতুৰি সাঁতুৰি গৈ চুলিত ধৰি তেওঁক পাৰলৈ টানি আনি জীৱন্তে উদ্ধাৰ কৰে। ১৪বছৰীয়া জোন চৱৰৰ এনে অসাধাৰণ কামৰ বাবে সকলোৱে তেওঁৰ প্ৰশংসা কৰে। জোনৰ ঘৰ চৰাইদেউ জিলাৰ বৰবাম দেওধাই গাঁৱত আৰু তেওঁ শ্ৰী বিচু চবৰৰ পুত্ৰ।
অৱশ্যে এই ঘটনা সন্দৰ্ভত তুল্য বৰা নামৰ লোকজনে ক্ষোভ প্ৰকাশ কৰি কয় যে তেওঁ জনাত উক্ত ঘটনাৰ খবৰ কোনো প্ৰচাৰ মাধ্যমত প্ৰচাৰ নহ’ল। সেয়ে তেওঁ সাধাৰণ মানুহ হিচাবে নিজে গৈ বুজি খবৰটো প্ৰচাৰ কৰে কাৰণ ইমান এটা সৰু ল’ৰাই ইমান এটা প্ৰশংসনীয় কাম কৰিছে। সেয়েহে তেওঁ ভাবে যে এই ল’ৰাজনে সাহসীকতাৰ বঁটা পাব পাৰে। যাৰ বাবে ঘটনাটোৰ কথা সকলোকে শ্বেয়াৰ কৰিবলৈকো অনুৰোধ জনালে মানুহৰ কথা চিন্তা কৰা তুল্য বৰা নামৰ এই লোকজনে।