আগশাৰীৰ মটৰ চাইকেল নির্মাতা প্ৰতিষ্ঠান হোণ্ডাই ২০২৫ চনৰ ভিতৰত বিশ্বজুৰি ১০খন ইলেক্ট্ৰিক মটৰ চাইকেল মুকলি কৰিব ।আজি এই কথা ঘোষণা কৰিছে প্ৰতিষ্ঠানটোৱে ৷ হোণ্ডাৰ বেছিভাগ মডেলেই হ’ব এছিয়া আৰু ইউৰোপৰ বজাৰৰ প্ৰতি লক্ষ্য কৰি নির্মাণ কৰা হ’ব ৷ আমেৰিকা, ইউৰোপ, আৰু জাপানৰ বাবে ২০২৪ চনত চাৰিটা মডেল মুকলি কৰাৰ সম্ভাৱনা আছে ৷
হোণ্ডাই এই বাইকসমূহত দ্বৈত বেটাৰী আৰু চফট্ ৱেৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । বিশেষকৈ বেটাৰীৰ ওপৰত প্ৰতিষ্ঠানটোৱে সর্বাধিক গুৰুত্ব আৰোপ কৰিছে ৷ হোণ্ডাই কমিউটাৰ ইলেক্ট্ৰিকেল বাহন আৰু ইলেক্ট্ৰিক চাইকেলৰ ওপৰতো সমানে গুৰুত্ব আৰোপ কৰিছে। হোণ্ডাৰ এগৰাকী মুখপাত্ৰই কয় যে, “ইলেক্ট্ৰিক মটৰ চাইকেলৰ ব্যাপকভাৱে গ্ৰহণ কৰাৰ বাবে চাৰ্জিং আন্তঃগাঁথনি বৃদ্ধি আৰু বেটাৰীৰ স্পেচিফিকেশনৰ প্ৰামাণিককৰণ অতি প্ৰয়োজনীয়।চাৰ্জিং আন্তঃগাঁথনি বৃদ্ধিৰ অংশ হিচাপে হোণ্ডাই বেটাৰী ভাগ বটোৱাৰা কৰাৰ জনপ্ৰিয়কৰণৰ দিশত কাম কৰি আছে।”
হোণ্ডাই অহা পাঁচ বছৰলৈ বছৰি ১০ লাখ ইলেক্ট্ৰিক মটৰ চাইকেল বিক্ৰী কৰাৰ লক্ষ্য লৈছে ৷ ২০৩০ চনৰ ভিতৰত এই সংখ্যা বছৰি ৩৫ লাখ ইউনিটলৈ বৃদ্ধি কৰিব।