ভ্ৰাম্যমাণ থিয়েটাৰ স্মৃতি হৈ নাযায় এই কথা যেন প্ৰমাণিত হ’ল এই বৰ্ষৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰেক্ষাগৃহত।। ২২-২৩ নাট্যবৰ্ষৰ আৰম্ভণিতে থিয়েটাৰ চাবলৈ দৰ্শক উবুৰি খাই পৰিল নাটঘৰত ।
এইবাৰ মধুমিতা শৰ্মাৰ প্ৰযোজনাৰে ৰাজতিলক থিয়েটাৰৰ মঞ্চত মঞ্চস্থ কৰা হৈছে চম্পক শৰ্মা আৰু প্ৰাঞ্জনা দত্তৰ শক্তিশালী অভিনয়ৰ এক যুগলবন্দী । দুয়োৰে প্ৰেম আৰু প্ৰত্যাহ্বান যেন কৌতূহলৰ বিষয় হৈ পৰিছে দৰ্শকসকলৰ বাবে।
জালাহত তিনি দিনত মানুহৰ লানি নিছিগা ভিৰ দেখি আনন্দিত হ’ল উদ্যোক্তা সকলৰ লগতে অভিনেতা অভিনেত্ৰী সকলো।
ভ্ৰাম্যমাণ থিয়েটাৰৰ জনপ্ৰিয় অভিনেতা চম্পক শৰ্মাৰ মহিষাসুৰৰ মেটিনি শ্বো, আনফালে সমান্তৰালকৈ গংগাজল আৰু বিবাহ বাৰ্ষিকী উপভোগ কৰিবলৈকো হাউচফুল কৰিলে দৰ্শকে । ওডালবাৰিতো একেই অৱস্থা । তিনিখন নাটকতে দৰ্শকৰ বিপুল সঁহাৰিয়ে যেন অসমত ভ্ৰাম্যমাণ থিয়েটাৰৰ অস্তিত্ব সংকটাপন্ন নহয় বুলি আকৌ এবাৰলৈ আঙুলিয়াই দিলে । সেয়েহে ক’ব পাৰি এক মনোগ্ৰাহী পৰিকল্পনাৰ ফচল এই ৰাজতিলক থিয়েটাৰ ।