সত্ৰীয়া সংগীত পৰম্পৰাৰ এক অনন্য উৎসৱ সংগীত নাটক একাডেমীৰ অধীনত সত্ৰীয়া কেন্দ্ৰ, গুৱাহাটীয়ে “১৫ তম সত্ৰীয়া সংগীত সমাৰোহ” অনুষ্ঠিত কৰে । ভূৱনেশ্বৰৰ ৰবীন্দ্ৰ মণ্ডপত অনুষ্ঠিত হয় তিনিদিনীয়া এই উৎসৱ , যাৰ অংশ হিচাপে উৰিষ্যা সংগীত নাটক একাডেমী আৰু ভূৱনেশ্বৰৰ উৎকল সংগীত মহাবিদ্যালয়ৰ সহযোগত ভূৱনেশ্বৰৰ উৎকল সংগীত মহাবিদ্যালয়ত আলোচনাচক্ৰও অনুষ্ঠিত কৰা হয়।
ভূৱনেশ্বৰৰ ৰবীন্দ্ৰ মণ্ডপত অনুষ্ঠিত এই পঞ্চদশ সত্ৰীয়া সংগীত সমাৰোহত দেশৰ জ্যেষ্ঠ আৰু প্ৰসিদ্ধ শিল্পীসকলৰ কলা প্ৰদৰ্শনে দৰ্শকক আপ্লুত কৰে। অসমৰ কেইবাগৰাকীও সত্ৰীয়া সংস্কৃতিৰ সাধকে উক্ত অনুষ্ঠানত বৰগীত, সত্ৰীয়া নৃত্য,খোলবাদনকে আদি কৰি বিভিন্ন অনুষ্ঠান পৰিবেশন কৰে।
শ্ৰী শ্ৰী শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা প্ৰতিষ্ঠা কৰা অসমৰ সত্ৰীয়া সংগীতৰ পৰম্পৰাক আগুৱাই নিয়াৰ বাবে ভূৱনেশ্বৰত এই উৎসৱৰ আয়োজন কৰা হয়।আনহাতে পঞ্চদশ, ষষ্ঠদশ শতিকাত মহাপুৰুষ দুজনাই ৰচনা কৰা ৰাগ , তাল আৰু গীতসমূহ প্ৰচাৰেই এই অনুষ্ঠানৰ প্ৰধান উদ্দেশ্য ।