ইতিমধ্যে আৰম্ভ হৈছে শাৰদীয় দুৰ্গোৎসৱৰ উলহ মালহ ৷ ৫ছেপ্টেম্বৰৰ পৰা গুৱাহাটী মহানগৰীৰ শিলপুখুৰীস্থিত ৰাজহুৱা নামঘৰত আৰম্ভ কৰা হৈছে এখন প্ৰাক্ দুৰ্গাপূজা এক্সপ’ ৷ অনিন্দিতা মহিলা সমাজৰ উদ্যোগত অনুষ্ঠিত কৰা এই এক্সপ’ত প্ৰায় ১৬খন বিপণীয়ে অংশগ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে আৰু এই বিপণী সমূহত পৰম্পৰাগত অসমীয়া গহনা ,হস্ততাঁত-বস্ত্ৰশিল্প আৰু অন্যান্য সাজ পোছককে ধৰি ধৰি বিভিন্ন সামগ্ৰী বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিছে উদ্যোক্তা সকলে ৷
অহা ১৮ছেপ্টেম্বৰলৈকে অনুষ্ঠিত হ’ব লগীয়া এই এক্সপ’খন অনুষ্ঠিত কৰিছে গুৱাহাটী মহানগৰীৰ এটি শক্তিশালী মহিলা গোট ‘অনিন্দিতা মহিলা সমাজে’ ৷ এক্সপ’খনৰ উদ্যোক্তা লাৱণ্য দাসে জানিবলৈ দিয়া মতে তেওঁৰ তত্বাৱধানতে অনিন্দিতা মহিলা সমাজ আৰু শকুন্তলা আত্মসহায়ক গোট নামৰ দুটাকৈ মহিলাৰ গোটে ডি আই চিৰ জৰিয়তে অসমৰ বহু ঠাইত প্ৰদৰ্শনী তথা এক্সপ’ অনুষ্ঠিত কৰি আহিছে ৷ সময়ে সময়ে গুৱাহাটীৰ লগতে ডিব্ৰুগড় ,গোলাঘাট আদি ঠাইসমূহতো এনেধৰণৰ এক্সপ’ অনুষ্ঠিত কৰি মহিলাসকলক স্বাৱলম্বিতাৰ পথ দেখুৱাই আহিছে লাৱণ্য কলিতাৰ অনিন্দিতা মহিলা সমাজ আৰু শকুন্তলা গোটৰ মহিলাসকলে ৷