বিশ্বৰ বিভিন্ন প্ৰান্তৰ কোটিপতি সকলৰ জীৱনযাত্ৰা সাধাৰণ মানুহৰ বাবে এক কৌতুহল ৷ বিশেষকৈ তেওঁলোকৰ বিলাসী জীৱন যাত্ৰাৰ কথা জানিবলৈ সকলোৰে মন যায় ৷ ৰজাৰ দৰে জীৱন কটোৱা কোটিপতিসকলে বিশ্বৰ কেইখন মান দেশতহে থাকিবলৈ পচন্দ কৰে ৷ কিন্তু কোন কৰইখন মহানগৰীত সর্বাধিক কোটিপিয়ে বাস কৰে আপুনি জানেনে ? ৰেচিডেন্সি এডভাইজাৰী ফাৰ্ম হেনলি এণ্ড পাৰ্টনাৰ্ছ গ্ৰুপৰ এক প্ৰতিবেদন অনুসৰি নিউয়ৰ্ক, টকিঅ’ আৰু ছান ফ্ৰান্সিস্কো উপসাগৰীয় অঞ্চলত আটাইতকৈ বেছি কোটিপতি লোকে বাস কৰে।
সৰ্বাধিক কোটিপতি থকা শীৰ্ষ ১০ খন চহৰৰ ভিতৰত আধাতকৈয়ো অধিকসংখ্যক চহৰেই আমেৰিকাত আছে। তথাপিও তথ্যসমূহ চালি জাৰি চালে দেখা যায় যে চলিত প্ৰথমাৰ্ধত নিউয়ৰ্ক চহৰত বাস কৰা কোটিপতিৰ সংখ্যা ১২ শতাংস হ্ৰাস পাইছিল ৷ আনহাতে ছান ফ্ৰান্সিস্কো উপসাগৰীয় অঞ্চলত এই সংখ্যা ৪ শতাংশ বৃদ্ধি পাইছিল। চতুৰ্থ স্থান দখল কৰা লণ্ডনত ৯ শতাংশ হ্ৰাস পাইছে। যিসকলৰ বিনিয়োগযোগ্য সম্পত্তি ১০ লাখ ডলাৰ বা তাতকৈ অধিক তেওঁলোকক প্ৰতিবেদনখনত কোটিপতি হিচাপে বিবেচনা কৰা হৈছে ৷
চোৰাংচোৱা সংস্থা নিউ ৱৰ্ল্ড ৱেলথে সংগ্ৰহ কৰা এই পৰিসংখ্যাই দেখুৱাইছে যে চৌদি আৰৱৰ ৰাজধানী ৰিয়াধ আৰু সংযুক্ত আৰব আমিৰশ্বাহীৰ তৃতীয় সৰ্বাধিক জনবহুল চহৰ শ্বাৰজাহত চলিত বৰ্ষত এতিয়ালৈকে সৰ্বাধিক কোটিপতি লোকৰ সংখ্যা বৃদ্ধি পাইছে ৷
আবুধাবি আৰু ডুবাইতো দ্ৰুতগতিত বৃদ্ধি পাইছে কোটিপতি লোকৰ সংখ্যা ৷ আৰৱৰ কম কৰ ব্যৱস্থা আৰু নতুন বাসস্থান আঁচনিৰ বাবে অতি ধনী লোকসকলক আকর্ষিত হৈছে ৷ । এই তালিকাত ক্ৰমে নৱম আৰু দশম স্থান দখল কৰিছে বেইজিং আৰু ছাংহাইয়ে ৷