ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক ফেৰ মাৰিব পৰা এখন চৰকাৰী বিদ্যালয় ৷ সোণাপুৰৰ নৰতাপ অঞ্চলত অৱস্থিত নৰতাপ চৰকাৰী বিদ্যালয় ৷ য’ত উপস্থিত হৈ কোনেও কল্পনাও কৰিব নোৱাৰে যে এইখন এখন চৰকাৰী খণ্ডৰ বিদ্যালয় ৷
সেউজীয়া পৰিবেশেৰে আবৃত ফুলনিকে আৰম্ভ কৰি বিদ্যালয়খনত আছে বিভিন্ন শাক-পাচলি,ফলমূলৰ বাগিছা ৷ আনহাতে বিদ্যালয়খনৰ মধ্যাহ্ন ভোজনৰ বাবে শিক্ষাৰ্থী সকলৰ বাবে কৰা হৈছে সুন্দৰ ডাইনিং হলৰ ব্যৱস্থা ৷ লগতে আছে খেলা-ধূলাৰ সুবিধাৰ বাবে আকৰ্ষণীয় উদ্যানৰ লগতে আছে ডিজিটেল ক্লাছৰূমকে আদি কৰি সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰিবৰ বাবে আছে বাদ্যযন্ত্ৰ আৰু অন্যান্য সুবিধা ৷
চৰকাৰী খণ্ডৰ এখন বিদ্যালয় হৈও পৰিষ্কাৰ পৰিচ্ছন্ন এক আকৰ্ষণীয় পৰিবেশৰ যোগেদি বৰ্তমান সময়ত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে নৰতাপ মধ্য ইংৰাজী বিদ্যালয় ৷
প্ৰধান শিক্ষক অজিত চন্দ্ৰ কাথাৰৰ নেতৃত্বত বৰ্তমান সময়ত সমগ্ৰ অসমতে উজ্বলি উঠিছে এই নৰতাপ মধ্য ইংৰাজী বিদ্যালয়ৰ নাম ৷ এটি ব্যক্তিগত খণ্ডৰ স্বেচ্চাসেৱী অনুষ্ঠানৰ দ্বাৰা অনুপ্ৰাণিত হৈ ৰাইজৰ সহায় সহযোগিতাত বিদ্যালয়খনক সুন্দৰকৈ সজাই পৰাই তোলাৰ লগতে ইয়াৰ শৈক্ষিক মানদণ্ড উন্নত কৰাৰ ক্ষেত্ৰতো অহোপুৰুষাৰ্থ কৰিছে নৰতাপ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক অজিত চন্দ্ৰ কাথাৰে ৷