মানৱতাৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিলে মেডিকেল কলেজৰ চূড়ান্ত বৰ্ষৰ এগৰাকী ছাত্ৰীয়ে ৷ ৰে’ল যাত্ৰাৰ সময়ত এগৰাকী সন্তান সম্ভৱা মহিলাৰ প্ৰসৱ বেদনা আৰম্ভ হোৱাৰ পিছত একেটা ডবাতে যাত্ৰা কৰি থকা এগৰাকী মেডিকেলৰ ছাত্ৰীয়ে প্ৰসৱ কৰালে এটি সুস্থ সবল সন্তান ৷ তেলেংগানাৰ এই ঘটনাই বৰ্তমান সময়ত সমগ্ৰ দেশতে ব্যাপক চৰ্চা লাভ কৰিছে ৷ আনহাতে গীতাম চিকিৎসা মহাবিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থী গৰাকী ৰে’লৰ ভিতৰতে মহিলাগৰাকীৰ প্ৰসৱত সহায় কৰি সন্তান প্ৰসৱ কৰাৰ বাবে সকলোৰে প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে ৷
মংগলবাৰে তেলেংগানাৰ শ্ৰীকাকুলামৰ পৰা ছেকেণ্ডৰাবাদ বিশাখাপট্টনম ডুৰণ্ট’ ৰে’লেৰে যাত্ৰা কৰিছিল এগৰাকী গৰ্ভৱতী মহিলাই ৷ তেওঁৰ স্বামীৰ সৈতে ছেকণ্ডৰাবাদৰ পৰা বিশাখাপট্টনমলৈ ঘূৰি গৈ আছিল প্ৰসূতী মহিলাগৰাকী ৷ কিন্তু ৰে’লখন অনকাপল্লী ষ্টেশ্যনত উপস্থিত হোৱাৰ সময়তে হঠাৎ ৰে’লৰ ভিতৰত প্ৰসৱ বেদনা আৰম্ভ হয় মহিলা গৰাকীৰ ৷ সেই উদ্বিগ্ন সময়ছোৱাত একেটা ডবাতে বিজয়ৱাড়াৰ পৰা বিশাখাপট্টনমলৈ যাত্ৰা কৰা গীতাম চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী গৃহ শল্য চিকিৎসক ডাঃ স্বাতী কেশৰীয়ে মহিলাগৰাকীৰ সন্তান প্ৰসৱ কৰাত সহায় কৰে।
অৱশেষত ডাঃ স্বাতী কেশৰী নামৰ চিকিৎসক গৰাকীৰ মহানুভৱতাৰ বাবেই চলন্ত ৰে’লৰ ভিতৰতে এটি সুস্থ সবল শিশু জন্ম দিবলৈ সক্ষম হয় মহিলা গৰাকী ৷ আনহাতে চলন্ত ৰে’লৰ ভিতৰতে এগৰাকী প্ৰসূতীক সন্তান প্ৰসৱ কৰাত সহায় কৰি সমগ্ৰ দেশতে জনাজাত হৈ পৰে মেডিকেলৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰী গৰাকী ৷ প্ৰসূতি গৰাকীৰ পৰিয়ালৰ সদস্য সকলৰো কৃতজ্ঞতাৰ পাত্ৰ হৈ পৰিল ড০ স্বাতী ৷
উক্ত ঘটনা সন্দৰ্ভত ড০ স্বাতীয়ে কয় যে পুৱা ৩.৩০ বজাত এগৰাকী ব্যক্তিয়ে প্ৰসৱ বেদনাত ভুগি থকা তেওঁৰ পত্নীক সহায় কৰিবলৈ অনুৰোধ জনাবলৈ স্বাতীৰ ওচৰলৈ আহে ৷ অৱশ্যে স্বাতী এগৰাকী চিকিৎসক বুলি সেইসময়ত তেওঁ জনা নাছিল । অৱশেষত কম্পাৰ্টমেণ্টত থকা আন দুগৰাকী মহিলা আৰু কৰ্তব্যৰত আৰক্ষীৰ সহায়ত মহিলাগৰাকীয়ে পুৱা ৫:৩৫ বজাত সুৰক্ষিতভাৱে এটি সুস্থ সন্তান প্ৰসৱ কৰে।