ভাৰতৰ কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে নিৰ্দেশ দিয়াৰ পিছতে যদিহে সকলো গাড়ীতে ছটাকৈ এয়াৰবেগ থকাটো বাধ্যতামূলক কৰা হয় তেন্তে এই ক্ষেত্ৰত অৱশ্যেই যথেষ্ট উপকৃত হ’ব দেশৰ অট’ম’বাইল বিভাগটো ৷ অট’ম’বাইল উদ্যোগৰ সৈতে জড়িত হৈ থকা এক সূত্ৰই জানিবলৈ দিয়া মতে বৰ্তমানৰ গাড়ী নিৰ্মাতা প্ৰতিষ্ঠান সমূহে এটা এয়াৰবেগ নিৰ্মাণৰ নামত ব্যয় কৰিব লগীয়া হয় ১৯,৯৩১টকা ৷কিন্তু ছটা এয়াৰবেগ কিট লগোৱা বাধ্যতামূলক হোৱাৰ ফলত এই পৰিমাণ ৩১,৮৯০টকালৈ বৃদ্ধি পাব ৷ আনহাতে এয়াৰবেগৰ ব্যৱহাৰ আৰু নিৰ্মাণ বৃদ্ধি পোৱাৰ লগে লগেই বৃদ্ধি পাব গাড়ীৰ যন্ত্ৰাংশ নিৰ্মাণ ও নিয়োগৰ সুযোগ ৷
উল্লেখযোগ্য যে এয়াৰবেগ কিট নিৰ্মাণ বৃদ্ধিৰ লগে লগে ইয়াৰ সৈতে জড়িত আনুষংগিক সামগ্ৰী নিৰ্মাতা প্ৰতিষ্ঠান সমূহেও দেশত নতুন নতুন প্ৰকল্প স্থাপন কৰিবৰ বাবে সুযোগ লাভ কৰিব অথবা প্ৰতিষ্ঠানটোৰ পৰিসৰ বৃদ্ধি কৰাৰ ক্ষেত্ৰতো নতুন পদক্ষেপ গ্ৰহণ কৰিব ৷ যাৰ ফলত এই অট’ম’বাইল খণ্ডত অধিক সংখ্যক প্ৰাৰ্থীৰ নিযুক্তিৰ পথো প্ৰশস্ত হ’ব বুলি আশা কৰা হৈছে ৷