ধাৰাসাৰ বৰষুণৰ ফলত উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ লক্ষ্ণৌৰ বিস্তীর্ণ অঞ্চল পানীত বুৰ গৈছে ৷ চহৰখনত বৰষুণৰ ফলত এখন দেৱাল খহি পৰাত ৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে দুজন আহত হয়। দেৱাল খহি পৰাৰ ফলত আহতসকলক অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ তেওঁলোক বিপদ মুক্ত বুলি জানিব পৰা গৈছে ৷ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই দূর্ঘটনাত মৃত্যু হোৱা লোকসকলক ৪ লাখ টকা আৰু আহতসকলৰ চিকিৎসাৰ বাবে ২ লাখ টকা ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে ৷
সংবাদ সংস্থা পিটিআইক যুটীয়া আৰক্ষী আয়ুক্ত (আইন-শৃংখলা) পীয়ুষ মৰ্দিয়াই কয় যে, “দিলকুছা অঞ্চলৰ সেনাৰ এটা এনক্লেভৰ বাহিৰত একাংশ শ্ৰমিকে জুপুৰিত বাস কৰিছিল। নিশা প্ৰচণ্ড বৰষুণৰ বাবে সেনাৰ এনক্লেভৰ সীমা দেৱাল ভাঙি পৰে। আমি ৰাতিপুৱা প্ৰায় ৩ বজাত সেই স্থানত উপস্থিত হৈছিলো। ধ্বংসাৱশেষৰ পৰা ৯ টা মৃতদেহ উদ্ধাৰ কৰা হয় আৰু এজন লোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে।”
নিশা হোৱা ধাৰাষাৰ বৰষুণৰ বাবে আজি লক্ষ্ণৌত বিদ্যালয়সমূহ বন্ধ ঘোষণা কৰা হৈছে ৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, যোৱা ২৪ ঘণ্টাত মহানগৰীত ১৫৫.২ মিলিমিটাৰ বৰষুণ হৈছে৷ সাধাৰণতে সমগ্ৰ ছেপ্টেম্বৰ মাহত লক্ষ্ণৌত গড় বৰষুণৰ পৰিমাণ হৈছে ১৯৭ মি.মি ৷