প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ দিনাই ৮টা চিতা বাঘ সুদূৰ নামিবিয়াৰ পৰা ভাৰতলৈ অনা হ’ব ৷ প্ৰজেক্ট চিতা নামৰ এই আঁচনিত ২০২০ চনত উচ্চতম ন্যায়ালয়ে এক পাইলট প্ৰগ্ৰেম হিচাপে অনুমোদন জনাইছিল ৷ ভাৰতত চিতা বাঘৰ পুনৰ বংশ বৃদ্ধিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ তিনিটা মতা আৰু পাঁচটা মাইকী চিতা বাঘকে ধৰি মুঠ আঠটা চিতা বাঘ ভাৰতলৈ অনা হ’ব ৷
পাঁচ বছৰীয়া মতা চিতা বাঘ একেটা মাতৃ বাঘৰ সন্তান ২০২১ চনৰ জুলাই মাহৰ পৰা নামিবিয়াৰ অটজিৱাৰংগোৰ ওচৰৰ চিতা সংৰক্ষণ পুঁজিৰ (চিএফচি) ৫৮ হাজাৰ হেক্টৰ ব্যক্তিগত সংৰক্ষিত বনাঞ্চলত এই বাঘ দুটাক ৰখা হৈছে ৷
২০১৮ চনৰ মাৰ্চ মাহত এৰিণ্ডি প্ৰাইভেট গেম ৰিজাৰ্ভত জন্মগ্ৰহণ কৰা চাৰি বছৰীয়া এই মতা চিতা বাঘটোৱে নামিবিয়াত চিচিএফৰ পুনৰ প্ৰৱৰ্তন প্ৰকল্পৰ সফলতাৰ প্ৰমাণ।
২০১৭ চনৰ শেষৰ ফালে নামিবিয়াৰ গোবাবিছৰ ওচৰত দূর্বল অৱস্থাত এই মাইকী বাঘ দুটা উদ্ধাৰ কৰা হৈছিল।শ্ৰমিকসকলে তেওঁক উদ্ধাৰ কৰি কিছুদিন প্ৰতিপালন কৰে আৰু ২০১৮ চনৰ জানুৱাৰী মাহত বাঘটো চিচিএফ কেন্দ্ৰলৈ লৈ যোৱা হৈছিল।
নামিবিয়াৰ উত্তৰ-পশ্চিম অংশত উদ্ধাৰ হৈছিল দ্বিতীয়টো পাঁচ বছৰীয়া মাইকী।
গোবাবিছ নগৰৰ সমীপৰ পানীৰ গাঁতত আন এটা বাঘৰ সৈতে উদ্ধাৰ হোৱা এই চিতা বাঘটো আটাইতকৈ কনিষ্ঠ ৷ যাৰ বয়স মাত্ৰ দুবছৰ ৷ দূর্বল অৱস্থাত উদ্ধাৰ হোৱা বাঘটো ২০২০ চনৰ ছেপ্টেম্বৰৰ পৰা সংৰক্ষিত বনাঞ্চলত ৰখা হৈছিল ৷
২০২২ চনৰ জুলাই মাহত চিচিএফৰ ওচৰৰ ফাৰ্মত পিঞ্জৰাত বন্দী কৰা হৈছিল।চিচিএফৰ সুবিধাত চিতা বাঘটো ৰখা হৈছিল ৷
২০২০ চনৰ এপ্ৰিল মাহত এৰিন্দি প্ৰাইভেট গেম ৰিজাৰ্ভত জন্মগ্ৰহণ কৰা শেষৰ জনী মাইকী চিতা হৈছে এই চিতা বাঘটো ৷