শক্তি খণ্ডৰ পৰা আৰম্ভ কৰি কয়লালৈকে নিজৰ ব্যৱসায় সম্প্ৰসাৰণ কৰা এসময়ৰ হীৰা ব্যৱসায়ী গৌতম আদানী বিশ্বৰ দ্বিতীয় ধনী ব্যক্তি হিচাপে স্থান লাভ কৰিছে ৷ ফৰ্বছৰ তথ্য অনুসৰি গৌতম আদানী বর্তমান বিশ্বৰ দ্বিতীয় ধনী ব্যক্তি। ১৫৪.৭ বিলিয়ন ডলাৰৰ সম্পত্তিৰে আদানীয়ে জেফ বেজোছ আৰু বাৰ্নাৰ্ড আৰ্নল্টক অতিক্ৰম কৰি ধনী ব্যক্তিৰ তালিকাৰ দ্বিতীয় স্থান দখল কৰে। ভাৰতীয় টকাৰ হিচাপত তেওঁৰ সম্পত্তিৰ মূল্য হৈছে ১২.৩৭ লাখ কোটি।
ফৰ্বছৰ ৰিয়েল টাইম বিলিয়নাৰ্ছ তালিকা অনুসৰি আদানীৰ সম্পত্তি ৫.২ বিলিয়ন ডলাৰ বৃদ্ধি পাইছে ৷ এয়া বৃদ্ধিৰ হাৰ হৈছে ৩.৪৯ শতাংশ ৷ ফ্ৰান্সৰ ব্যৱসায়ী বাৰ্নাৰ্ড আৰ্নল্ট আৰু আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছৰ তুলনাত আদানি এই বৃদ্ধিৰে তালিকাত স্থান উন্নীত কৰিবলৈ সক্ষম হৈছে ৷ টেছলাৰ প্ৰতিষ্ঠাপক ইলন মাস্ক এই তালিকাৰ শীৰ্ষস্থান দখল কৰি আছে।
শীৰ্ষ দহ স্থানৰ ভিতৰত থকা ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানী হৈছে দ্বিতীয়জন ভাৰতীয়। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৯২.২ বিলিয়ন ডলাৰৰ ৷ শীৰ্ষ দহৰ তালিকাত থকা আন বিলিয়নাৰসকলৰ ভিতৰত আছে বিল গেটছ, লেৰী এলিছন, ৱাৰেন বাফেট, লেৰী পেজ আৰু চাৰ্গী ব্ৰিন।
৩০ আগষ্টত আদানীয়ে লুই ভিটনৰ স্বত্বাধিকাৰী আৰ্নাল্টক অতিক্ৰম কৰি বিশ্বৰ তৃতীয় ধনী ব্যক্তি হিচাপে পৰিগণিত হৈছিল। ব্লুমবাৰ্গে প্ৰকাশ কৰা অনুসৰি আদানী গ্ৰুপৰ পাকঘৰৰ প্ৰয়োজনীয় সামগ্ৰীৰ প্ৰতিষ্ঠান আদানি উইলমাৰ লিমিটেডে এতিয়া নিজৰ খাদ্য পৰিচালনা ব্যৱসায় বৃদ্ধিৰ পৰিকল্পনা কৰিছে ৷