আজি বিশিষ্ট নৃত্যশিল্পী,সাহিত্যিক তথা অধ্যাপিকা কপিলা বাৎসায়নৰ স্মৃতি দিৱস । তেওঁ আছিল ভৰত নাট্যম আৰু ওডিছি নৃত্যৰ বিশাৰদ ।তেওঁ দিল্লী বিশ্ববিদ্যালয়, ইউনিভাৰ্চিটি অব কলম্বিয়া আৰু ইউনিভাৰ্চিটি অব ফিলাদেলফিয়াত অধ্যাপনা কৰাৰ উপৰি দিল্লীৰ শিক্ষা বিভাগৰ বিভিন্ন উচ্চ পদত অধিষ্ঠিত আছিল । তেওঁৰ বিভিন্ন গ্ৰন্থৰ ভিতৰত কথাকলি, ইণ্ডিয়ান ক্লাছিকেল ডান্স, ইণ্ডিয়ান থিয়েটাৰ আদি উল্লেখযোগ্য । ১৯৯০ চনত অসম চৰকাৰে তেওঁক শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰে । ২০১১ চনত ভাৰত চৰকাৰে পদ্মবিভূষণ সন্মানেৰে সন্মানিত কৰে । ২০২০ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । শিল্পীগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি কৰ্ণাটকী শাস্ত্ৰীয় সংগীতৰ বিশিষ্ট শিল্পী এম এছ শুভলক্ষ্মীৰ ওপজা দিন । ১৯১৬ চনৰ আজিৰ দিনটোতে মাদুৰাইত তেওঁৰ জন্ম হৈছিল । তেওঁৰ সম্পূৰ্ণ নামটো হ’ল মাদুৰাই সন্মুখৱাদিৱু শুভলক্ষ্মী । তেওঁ ভাৰতীয় শাস্ত্ৰীয় সংগীতক বিশ্বৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ আৰু প্ৰসাৰত বিশেষ ভূমিকা পালন কৰিছিল । তেওঁ এগৰাকী অভিনেত্ৰী হিচাপেও খ্যাত আছিল । ১৯৫৪ চনত ভাৰত চৰকাৰে তেওঁক পদ্মভূষণ সন্মান প্ৰদান কৰে । তেওঁ সংগীত নাটক একাডেমী বঁটাও লাভ কৰে । ১৯৯৮ চনত তেওঁক ভাৰত ৰত্ন সন্মান প্ৰদান কৰা হয় । ১৯৭৪ চনত তেওঁ ৰমণ মেগছেছে বঁটা লাভ কৰে । শিল্পীগৰাকীলৈ আমাৰ প্ৰণাম ।