যোৱা বাৰ বছৰে অসমৰ সাংস্কৃতিক জগতখনৰ বাবে বৰঙনি আগবঢ়াই বৰ্তমান সময়ত অসমৰ এক অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান হিচাপে স্বীকৃতি লাভ কৰা ‘স্বৰাঞ্জলি’য়ে শিশু তথা কিশোৰ-কিশোৰী সকলৰ বিভিন্ন দিশত উৎকৰ্ষ সাধন কৰাৰ বাবে নিৰলস ভাৱে কাম কৰি আহিছে ৷
সেয়েহে এইবাৰো চলিত বৰ্ষৰ ২০ ছেপ্টেম্বৰ,মংগলবাৰে অনুষ্ঠানটোৱে গুৱাহাটীৰ দিশপুৰ লাষ্টগে’টত অৱস্থিত লোকনিৰ্মাণ বিভাগৰ সন্মিলন আৰু প্ৰশিক্ষণ কেন্দ্ৰ প্ৰেক্ষাগৃহত দৰদী কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ জন্মদিনটো উলহমালহেৰে উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেয়েহে অসমৰ ন-পুৰণি শিল্পী সকলৰ দ্বাৰা এটি আকৰ্ষণীয় সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰাৰ আয়োজন কৰিছে ‘স্বৰাঞ্জলি’য়ে ৷
শেহতীয়াকৈ ‘স্বৰাঞ্জলি’ৰ সভাপতি ৰুমুল দুৱৰা ,সাধাৰণ সম্পাদক অমৰজ্যোতি ডেকা আৰু সাংস্কৃতিক সম্পাদক দীপক তালুকদাৰে এক জাননী যোগে এই কথা প্ৰকাশ কৰিছে ৷লগতে দিশপুৰ লাষ্টগে’টত অৱস্থিত লোকনিৰ্মাণ বিভাগৰ সন্মিলন আৰু প্ৰশিক্ষণ কেন্দ্ৰ প্ৰেক্ষাগৃহত অহা ২০ ছেপ্টেম্বৰ মংগলবাৰে বিয়লি ৫.৩০বজাৰ পৰা আৰম্ভ হ’বলগীয়া এই সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থাকি শিল্পীসকলক অনুপ্ৰাণিত কৰিবলৈ সকলোকে আন্তৰিকতাৰে আহ্বান জনাইছে ‘স্বৰাঞ্জলি’ৰ উদ্যোক্তাসকলে ৷