আজি পণ্ডিত বিষ্ণু নাৰায়ণ ভাটখাণ্ডেৰ স্মৃতি দিৱস । পণ্ডিত ভাটখাণ্ডে ভাৰতীয় সংগীত জগতৰ এগৰাকী পুৰোধা ব্যক্তি । যুগ যুগ ধৰি পৰম্পৰাগতভাৱে মুখে মুখে চলি অহা হিন্দুস্তানী ধ্ৰুপদী সংগীতক তেওঁ আনুষ্ঠানিকতা প্ৰদান কৰিছিল । পূৰ্বতে ৰাগ, ৰাগিনী আৰু পুত্ৰ হিচাপে শ্ৰেণীবিভক্ত কৰা ৰাগসমূহক তেওঁ সম্প্ৰতি ব্যৱহাৰ হৈ থকা থাট ব্যৱস্থাত পুনৰ শ্ৰেণীবিভক্ত কৰিছিল । তেওঁ ৰাগসমূহক সহজে বুজি পোৱা সৰল ভাষাত ব্যাখ্যা কৰিছিল আৰু ৰাগসমূহৰ ব্যাকৰণ ব্যাখ্যা কৰা অনেক বন্দিশ যুগুত কৰিছিল । প্ৰচলিত সকলো ৰাগৰ ব্যাখ্যাসহ ‘স্বৰ মালিকা’ নামৰ সংগীত বিষয়ক পুস্তিকাখন তেওঁৰ প্ৰথম প্ৰকাশিত পুথি । তাৰ পিছত ১৯০৯ চনত সংস্কৃত ভাষাত লিখা শ্ৰী মাল্লাক্ষয় সংগীতম গ্ৰন্থখন প্ৰকাশ পায় । হিন্দুস্তানী ধ্ৰুপদী সংগীতৰ আজিও বিশেষ মান্যতাপ্ৰাপ্ত তেওঁৰ চাৰিটা খণ্ডৰ ‘হিন্দুস্তানী সংগীত পদ্ধতি’ নামৰ গ্ৰন্থখন এইক্ষেত্ৰত এক মাইলৰ খুঁটি স্বৰূপ । ১৯২৬ চনত লক্ষ্ণৌত স্থাপিত মেৰীজ কলেজ অব মিউজিকৰ নামকৰণ পিছলৈ তেওঁৰ স্মৃতিতে ভাটখণ্ডে সংগীত বিদ্যালয় (পৰিগণিত বিশ্ববিদ্যালয়) কৰা হয় । ১৯৩৬ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । সংগীত বিশেষজ্ঞগৰাকীলৈ আমাৰ প্ৰণাম ।