কংগ্ৰেছৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱে অব্যাহতি লয় কংগ্ৰেছ দলৰ পৰা। তেঁও নিজৰ টুইটাৰ একাউন্টত থকা প্ৰফাইল সলনি কৰি কয় যে এতিয়াৰ পৰা তেঁও কংগ্ৰেছৰ এগৰাকী ভূতপূৰ্ব নেত্ৰী।
দলৰ মুখ্যনেত্ৰী ছোনিয়া গান্ধীলৈ এখন পদত্যাগ পত্ৰ প্ৰেৰণ কৰি তেঁও লিখে যে “ জনসাধাৰণৰ সেৱাৰ বাবে এইয়া এক নতুন অধ্যায়।” পত্ৰ খনৰ জৰিয়তে তেঁও সৰ্ব ভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী গৰাকীয়ে লগতে দল, দলৰ আন নেতা, সদস্য আৰু কৰ্মী সকলক ধন্যবাদ জ্ঞাপন কৰে। উল্লেখ্য যে নিখিল ভাৰত মহিলা কংগ্ৰেছৰ সভানেত্ৰীও আছিল সুস্মিতা দেৱ ।
দেৱ প্ৰয়াত কংগ্ৰেছ নেতা সন্তোষ মোহন দেৱৰ কন্যা। উল্লেখ্য যে ২০১৪ চনত কংগ্ৰেছৰ টিকটত শিলচৰ লোকসভাৰ সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল সুস্মিতা দেৱ।
উল্লেখ্য যে দিল্লীত ধৰ্ষণ কৰি হত্যা কৰা এগৰাকী ৯ বছৰীয়া কিশোৰীৰ পিতৃ- মাতৃৰ ফটো টুইটাৰত প্ৰচাৰ কৰাৰ বাবে ,নেত্ৰীগৰাকীৰ লগতে আন কেইগৰাকীমান কংগ্ৰেছী নেতাৰ টুইটাৰ একাউন্ট বন্ধ কৰি ৰখা হৈছিল।
প্ৰাপ্ত তথ্য মতে কিশোৰীগৰাকীৰ অভিভাৱকক লগ কৰাৰ পাচত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সেই ফটো সমূহ প্ৰথম প্ৰচাৰ কৰিছিল। কিন্তু টুইটাৰে তেনে ফটো প্ৰচাৰ কৰাৰ বাবে গান্ধীৰ একাউন্ট বন্ধ কৰি দিছিল। তেঁওৰ পাচতে সুস্মিতা দেৱৰ লগতে আন কেইবাজনো কংগ্ৰেছী নেতাই উক্ত ফটোসমূহ টুইটাৰত প্ৰচাৰ কৰিছিল।
উল্লেখ্য যে চলিত বৰ্ষৰ মাৰ্চ মাহত আসন বুজাবুজিক লৈ হোৱা অসন্তুষ্টিৰ বাবে সুস্মিতা দেৱে দললৈ পদত্যাগ পত্ৰ আগবঢ়াইছিল যদিও দলে সেই পত্ৰ নাকচ কৰিছিল।