সুৰক্ষাজনিত কাৰণ আৰু আওপুৰণি হৈ পৰাৰ বাবে ভাৰতীয় বায়ুসেনাই ব্যৱহাৰ কৰি অহা মিগ ২১ যুজাৰু বিমানৰ উৰণ পর্যায়ক্ৰমে বন্ধ ৰাখিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ইয়াৰ অংশ হিচাপে চাৰিটা স্কোৱাড্ৰনৰ ভিতৰত অন্যতম স্কোৱাড্ৰন শ্ৰীনগৰস্থিত ৫১ স্কোৱাড্ৰনৰ উৰন স্থায়ীভাৱে বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ এই স্কোৱাড্ৰনটোক ‘ছৰ্ড আৰ্মছ’ বুলিও কোৱা হয়। কিন্তু এই স্কোৱাড্ৰনৰ উৰণ বাতিল কৰাৰ সৈতে জড়িত হৈ আছে এটা বিশেষত্ব ৷ কিয়নো এই স্কোৱাড্ৰনৰ সৈতে জড়িত হৈ আছে বীৰ চক্ৰৰে সন্মানিত অভিনন্দন বর্ধমানৰ নাম ৷ ২০১৯ চনৰ ২৭ ফেব্ৰুৱাৰীত নিয়ন্ত্ৰণ ৰেখাত ভাৰতৰ বায়ুমণ্ডলত প্ৰৱেশ কৰা পাকিস্তানৰ এফ-১৬ যুদ্ধ বিমান গুলীয়াই ভূপতিত কৰাৰ সময়ত উইং কমাণ্ডাৰ (বৰ্তমান গ্ৰুপ কেপ্তেইন) অভিনন্দন বর্দ্ধমান সেই সময়ত স্কোৱাড্ৰনৰ অংশ আছিল।অহা ৩০ ছেপ্তেম্বৰৰ পৰা এই স্কোৱাড্ৰনটো বন্ধ কৰা হ’ব ৷
শ্ৰীনগৰৰ উপৰি আন তিনিটা মিগ-২১ স্ক্ৱাড্ৰন ২০২৫ চনৰ ভিতৰত পৰ্যায়ক্ৰমে বন্ধ কৰা হ’ব বুলিও বায়ুসেনাই সদৰী কৰিছে ৷ যোৱা কিছু বছৰৰ ভিতৰত কেইবাখনো মিগ-২১ বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে ৷ যাৰ বাবে আগন্তুক সময়ত পুৰণি জেট বিমানসমূহৰ সলনি নতুন মডেলৰ যুদ্ধ বিমান বায়ুসেনাত সন্নিৱিষ্ট কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷
১৯৬৩ চনত বায়ুসেনাই প্ৰথম একক ইঞ্জিনযুক্ত মিগ-২১ লাভ কৰে ৷ বিগত ছয় দশকত ৪০০ৰো অধিক মিগ-২১ বিমান দুৰ্ঘটনাত পতিত হৈ প্ৰায় ২০০জন পাইলটৰ মৃত্যু হৈছে। আন যিকোনো যুঁজাৰু বিমানতকৈ অধিক মিগ-২১ বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে ৷আই এ এফে মিগ-২১ বিমানৰ ঠাইত থলুৱা তেজছ লঘু যুদ্ধ বিমান সন্নিৱিষ্ট কৰিছে ৷