পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান ফ্ৰেংকফুটৰ পৰা দিল্লীলৈ ওভতাত বিলম্ব হোৱাক কেন্দ্ৰ কৰি বিতর্কৰ সূত্ৰপাত ঘটিছে ৷ মুখ্যমন্ত্ৰীৰ কার্যালয়ে ভগৱন্ত মান অসুস্থ হৈ থকাৰ বাবে ফ্ৰেংকফুটৰ পৰা দিল্লীলৈ ঘূৰি অহাত পলম কৰা বুলি প্ৰকাশ কৰিছে। ইয়াৰ বিপৰীতে অত্যাধিক সুৰাপান কৰি অহাৰ বাবেই এখন বিমানৰ পৰা নমাই দিয়া বুলি অভিযোগ কৰিছে বিৰোধীয়ে ৷ অভিযোগ অনুসৰি মানৰ বাবেই বিমানখনৰ উৰণত চাৰি ঘণ্টা পলম হৈছিল।
আকালি দলৰ নেতা সুখবীৰ সিং বাদলে টুইট কৰি কয় – “সহযাত্ৰীৰ উদ্ধৃতি দি সংবাদ মাধ্যমৰ বাতৰিত উল্লেখ কৰা অনুসৰি পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে খোজ কাঢ়িব নোৱাৰাকৈ মদ্যপান কৰি অহাৰ বাবে লুফথানছাৰ এখন বিমানৰ পৰা নমাই দিয়া হৈছিল। ইয়াৰ ফলত বিমানখনৰ উৰণ ৪ ঘণ্টা পলম হৈছিল। ইয়াৰ বাবে তেওঁ আপৰ ৰাষ্ট্ৰীয় অধিৱেশনত উপস্থিত হ’ব পৰা নাছিল ৷ এই বাতৰিবোৰে সমগ্ৰ বিশ্বৰ সন্মুখতে পাঞ্জাবীসকলক লজ্জিত কৰিলে।’
A Big Shame!!
Punjab Chief Minister Bhagwant Mann deplaned because he was heavily Drunk pic.twitter.com/7PaPSiVDtb— Delhi Congress (@INCDelhi) September 19, 2022
তেওঁ লগতে কয়-“আচৰিতভাৱে মুখ্যমন্ত্ৰী ভগৱন্ত মানক লৈ পাঞ্জাৱ চৰকাৰে মৌনতা অৱলম্বন কৰিছে ৷ অৰবিন্দ কেজৰিৱালে এই বিষয়ত স্পষ্ট হোৱা উচিত ৷ যিহেতু ইয়াৰ লগত পঞ্জাৱী আৰু জাতীয় গৌৰৱ জড়িত হৈ আছে সেয়েহে ভাৰত চৰকাৰে হস্তক্ষেপ কৰিব লাগে ৷ যদি তেওঁক বিমানৰ পৰা নমাই দিয়া হৈছিল তেন্তে ভাৰত চৰকাৰে জাৰ্মান সমকক্ষৰ সৈতে বিষয়টো উত্থাপন কৰিব লাগিব।’
ফ্ৰেংকফৰ্টত দিল্লী অভিমুখী লুফথানছা বিমানখনৰ এজন যাত্ৰীৰ উদ্ধৃতিৰে কংগ্ৰেছে টুইট কৰি মুখ্যমন্ত্ৰীগৰাকী মদ্যপান কৰা বুলি প্ৰকাশ কৰিছে ৷ যাত্ৰীজনৰ উদ্ধৃতিৰে কংগ্ৰেছে টুইটত কয় -অত্যধিক মদ্যপান কৰাৰ বাবে মানৰ ভৰি থৰলল বৰক হৈ পৰিছিল ৷ তেওঁৰ পত্নী আৰু নিৰাপত্তাৰক্ষীয়ে তেওঁক সহায় কৰিবলগীয়া হৈছিল।
অৱশ্যে আপৰ মুখপাত্ৰ মালৱিন্দৰ সিং কাঙে কয় যে মুখ্যমন্ত্ৰীগৰাকী নিৰ্ধাৰিত ১৯ ছেপ্টেম্বৰত ঘূৰি আহিছিল। এই সকলোবোৰ ছ’চিয়েল মিডিয়া ৰিপ’ৰ্ট অপপ্ৰচাৰ।