৭৫ সংখ্যক স্বাধীনতা দিৱসৰ দিনাই দেশবাসীয়ে লাভ কৰিলে এটা সু-খবৰ।আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বোকাখাতৰ যুৱকে কঢ়িয়াই আনিলে অন্য এক সাফল্য।
৯ আগষ্টৰ পৰা ১৫ আগষ্টলৈ প’লেণ্ডত অনুষ্ঠিত হোৱা ৱৰ্ল্ড য়ুথ আৰ্চাৰী প্ৰতিযোগিতাত ভাৰতীয় দলৰ হৈ প্ৰতিনিধিত্ব কৰা বোকাখাতৰ যুৱক বিশাল চাংমায়ে দলৰ হৈ সোণ, মিক্স ডাবলছত সোণ আৰু এককভাৱে ব্ৰঞ্জৰ পদক কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
উল্লেখযোগ্য যে গোলাঘাট জিলাৰ বোকাখাতৰ বিশাল চাংমাই হৈছে একমাত্ৰ খেলুৱৈ যি এই বিশ্ব যুৱ আৰ্চাৰী প্ৰতিযোগিতালৈ নিৰ্বাচিত হৈছিল।
বোকাখাতৰ মিলনপুৰ অঞ্চলৰ শান্তনু চাংমাই আৰু মিন্টু চাংমাইৰ পুত্ৰ বিশাল বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ।
সমগ্ৰ ৰাজ্যজুৰি লাভলীনাৰ বিজয় উৎসৱ চলি থকাৰ মাজতে পুনৰ বিশালৰ এই বিজয় প্ৰাপ্তিত উৎফুলিত হৈ পৰিছে জিলাবাসী।