ভাৰতৰ ভিতৰতে এগ আগশাৰীৰ দুগ্ধ উৎপাদনকাৰী প্ৰতিষ্ঠান ‘আমূল’ ৷ শেহতীয়াকৈ এই আগশাৰীৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ পৰিচালন সঞ্চালক আৰ এছ সোধীয়ে ভাৰতত গাখীৰৰ উৎপাদন বৃদ্ধি পাব বুলি মন্তব্য কৰিছে ৷ অহা ২৫ বছৰৰ ভিতৰত ভাৰতত গাখীৰৰ উৎপাদন তিনি গুণ বৃদ্ধি হৈ ৬২৮নিযুট টন হ’ব বুলি এক পূৰ্বানুমান কৰিছে প্ৰতিষ্ঠানটোৰ পৰিচালন সঞ্চালক গৰাকীয়ে ৷
উল্লেখযোগ্য যে ২০২১ চনত ভাৰতত গাখীৰ উৎপাদনৰ পৰিমাণ আছিল ২১০ নিযুত টন ৷ ‘আন্তঃৰাষ্ট্ৰীয় ডেইৰী ফেডাৰেছন ৱৰ্ল্ড ডেইৰী ছামিট ২০২২’ শীৰ্ষক এক অনুষ্ঠানত অংশগ্ৰহণ কৰি আৰ এছ সোধীয়ে এই কথা প্ৰকাশ কৰে ৷
তেওঁ লগতে কয় যে বৰ্তমান বিশ্বত গাখীৰ উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ অৰিহণা ২৩% যদিও অহা ২৫বছৰৰ ভিতৰত বিশ্বত গাখীৰ উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ অৰিহণা ৪৫% বৃদ্ধি পাব ৷