অসমৰ ডুমডুমাৰ এগৰাকী বিশিষ্ট চিত্ৰশিল্পী ,কবি ৰাজেন খাউণ্ডৰ দেহাৱসানৰ বাতৰিয়ে শোকস্তব্ধ কৰিছে সমগ্ৰ ডুমডুমাবাসীক ৷ জীৱনৰ বাটত নতুন প্ৰজন্মৰ বহুতকে আঙুলিত ধৰি আগবঢ়াই নিয়া এইগৰাকী শিল্পীয়ে বহু সময়ত বহুজনক নিজৰ ঘৰত আশ্ৰয় দি ,প্ৰতিটো খোজতে সাহস দি নিজৰ পৰিচয় গঢ়িবলৈ শিকাইছিল। সেইসকলৰ ভিতৰত এক অন্যতম নাম হ’ল জনপ্ৰিয় চিত্ৰশিল্পী ৰবীন বৰ ৷ সামাজিক মাধ্যম যোগে যি এই কথা স্বীকাৰ কৰি ভাতৃসম ৰাজেন খাউণ্ডৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিলে চিত্ৰশিল্পী ৰবীন বৰে ৷
সামাজিক মাধ্যমত নিজৰ মনৰ ভাৱ প্ৰ্ৰকাশ কৰি ৰবীন বৰে কয় যে আৰ্থিক যুঁজ বাগৰৰ মাজতে চলি থকা জীৱনটোক চিত্ৰ আৰু ছন্দেৰে সজাব খুজিছিল ৰাজেন খাউণ্ডে । কিন্তু নিয়তিৰ নিষ্ঠুৰ আহ্বানক বাধা দিব নোৱাৰিলে শিল্পী গৰাকীয়ে ৷ দুটি সন্তান আৰু পত্নীক নিঠৰুৱা কৰি পাৰ্থিৱ জীৱনৰ পৰা মেলানি মাগিলে বিশিষ্ট শিল্পী গৰাকীয়ে ।
তেওঁৰ মতে কায়িক ভাৱে আঁতৰি গ’লেও শিল্পী ৰাজেন খাউণ্ড কৰ্মেৰে সদায় জীয়াই থাকিব সকলোৰে মাজত। শিল্পী গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি তেওঁ কয় যে ৰাজেন খাউণ্ডৰ প্ৰচেষ্টাতে তেওঁ অসম তথা ভাৰতত এটা নিজস্ব পৰিচয় লাভ কৰিবলৈ সক্ষম হ’ল । কৃতজ্ঞতাৰ শব্দেৰে তেওঁৰ আত্মাক কষ্ট দিব নিবিচাৰে বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় যে “মিৰাকুলাচ চিত্ৰশিল্পী”ৰূপে বিশ্বৰ দৰবাৰত তেওঁ পৰিচয় গঢ়ি তোলাৰ অন্তৰালত তেখেতৰ কিমান অনুপ্ৰেৰণা আছিল ,সেই কথা তেওঁ কেতিয়াও পাহৰিব নোৱাৰিব।
ৰাজেন খাউণ্ডৰ বিয়োগত কেৱল ডুমডুমাবাসীয়েই নহয় মৰ্মাহত, শোকস্তব্ধ সমগ্ৰ কলাপ্ৰেমী অসমবাসী ।