চিকিৎসা শিক্ষা সঞ্চালকালয়ে স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবে অসম নীট-পিজিৰ অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷ চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ ৱেবছাইটত অসম নীট পি জি কাউন্সেলিঙৰ বাবে প্ৰাৰ্থীসকলে নিজেই পঞ্জীয়ন কৰিব পাৰিব। ইয়াৰ বাবে আবেদনৰ অন্তিম তাৰিখ ২৩ ছেপ্টেম্বৰ। নেচনেল ব’ৰ্ড অৱ এডুকেশ্যন, নতুন দিল্লীৰ দ্বাৰা পৰিচালিত নীট পিজি ২০২২ত অৱতীর্ণ হোৱা আৰু নীট পিজি ২০২২ত যোগ্যতাসূচক নম্বৰ লাভ কৰা প্ৰাৰ্থীসকলে অনলাইন কাউন্সেলিঙত অংশগ্ৰহণ কৰিব পাৰিব ৷ কাউন্সেলিং প্ৰক্ৰিয়াৰ বাবে পঞ্জীয়ন কৰিবলৈ প্ৰাৰ্থীসকলক তেওঁলোকৰ নাম, জন্ম তাৰিখ , নীট পিজিৰ ৰোল নম্বৰ, আবেদন নম্বৰ আৰু ছিকিউৰটি পিনৰ প্ৰয়োজন হ’ব। সূচী অনুসৰি অহা ১০ অক্টোবৰত প্ৰকাশ কৰা হ’ব অসম নীট পিজি কাউন্সেলিং ২০২২ৰ ফলাফল।
সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীয়ে ১০০০ টকা পঞ্জীয়ন মাচুল দিব লাগিব। সংৰক্ষিত শ্ৰেণীৰ প্ৰার্থীসকলে সকলে ৫০০ টকাৰ আবেদন মাচুল দিব লাগিব।কাউন্সেলিং প্ৰক্ৰিয়াৰ বিষয়ে অধিক তথ্যৰ বাবে প্ৰাৰ্থীসকলে চৰকাৰী জাননী বা চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ ৱেবছাইট পৰীক্ষা কৰি থাকিব পাৰিব।