নির্ধাৰিত সাজ পোচাক পৰিধান নকৰাৰ বাবেই গ্ৰেপ্তাৰ কৰা এগৰাকী যুৱতীৰ আৰক্ষী জিম্মাত মৃত্যু হোৱা ঘটনাক লৈ উত্তাল হৈ পৰিছে ইৰাণ ৷ সোমবাৰে যুৱতী গৰাকীৰ মৃত্যু হোৱাৰ বাতৰি প্ৰকাশ পোৱাৰ পাছতে ইৰানৰ ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ লোক ৷ বিশেষকৈ দেশখনৰ যুৱতীসকলে ৰাজপথত ব্যাপক প্ৰতিবাদ সাৱ্যস্ত কৰিছে ৷ মহিলাৰ সাজ পোচাকৰ ক্ষেত্ৰত অত্যন্ত কঠোৰ দেশখনত বহু মহিলাই হিচাপ পৰিধান নকৰাকৈ ৰাজপথলৈ ওলাই আহি এই ঘটনাৰ প্ৰতিবাদ সাৱ্যস্ত কৰে ৷
স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি ১৩ ছেপ্টেম্বৰত ৰাজধানী ভ্ৰমণৰ সময়ত তেহৰাণৰ মৰেল পুলিছে যুৱতী গৰাকীক গ্ৰেপ্তাৰ কৰে ৷ ক’মাত তিনিদিন থকাৰ পিছত চিকিৎসালয়ত মৃত্যু হোৱাৰ কথা কৰ্তৃপক্ষই ঘোষণা কৰাৰ পিছৰে পৰা জনসাধাৰণৰ মাজত ক্ষোভ বৃদ্ধি পাইছে ৷ কেইবাখনো বিশ্ববিদ্যালয়কে ধৰি তেহৰাণত আৰু মাছাহাদত বিক্ষোভ প্ৰদর্শন কৰা হৈছে ৷
ইছনা সংবাদ সংস্থাই জনোৱা মতে, মধ্য তেহৰাণৰ হিজাব ষ্ট্ৰীট বা “হেডস্কাৰ্ফ ষ্ট্ৰীট”ত প্ৰতিবাদকাৰীসকলে মৰেল পুলিছক ধিক্কাৰ দি সমদল উলিয়াই।কেইবাশ লোকে কৰ্তৃপক্ষৰ বিৰুদ্ধে শ্লোগান দিয়াৰ লগতে কিছুসংখ্যকে হিজাব খুলি প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ আৰক্ষীয়ে কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰাৰ উপৰি লাঠিচালনা আৰু কন্দুৱা গেছ প্ৰয়োগ কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ উত্তৰ-পূবৰ মাছহাদ চহৰত এক “একেধৰণৰ সমাৱেশ” অনুষ্ঠিত হয়। দেওবাৰে মৃত মহিলাগৰাকীৰ গৃহ প্ৰদেশ কুৰ্দিস্তানত প্ৰায় ৫০০ লোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷
উল্লেখ্য যে মৰেল পুলিচ সমূহে ইছলামিক ৰাষ্ট্ৰখনত মহিলাসকলক ৰাজহুৱা স্থানত মূৰত স্কার্ফ পিন্ধিবলৈ নির্দেশ প্ৰদান কৰি আহিছে ৷ ইয়াৰ উপৰিও টাইট ট্ৰাউজাৰ, ৰিপড জিন্স, আঁঠু উন্মুক্ত কৰি ৰখা কাপোৰ আৰু উজ্জ্বল ৰঙৰ সাজ-পোছাক দেশখনত নিষিদ্ধ কৰা হৈছে।
তেহৰানৰ আৰক্ষী অধীক্ষক জেনেৰেল হোছেইন ৰহিমীয়ে সোমবাৰে কয় যে মহিলাগৰাকীয়ে পোচাকৰ বিধি উলংঘা কৰিছে ৷ যুৱতী গৰাকীৰ মৃত্যু কেনেকৈ হ’ল সেই সন্দৰ্ভত “স্পষ্টীকৰণ”ৰ দাবীত তেহৰাণ আৰু শ্বাহিদ বেহেষ্টি বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলে সমদল উলিয়ায়।
ইউৰোপীয় সংঘৰ বৈদেশিক নীতিৰ মুৰব্বী জোচেপ বৰেলে কয় যে গ্ৰহণযোগ্য নহয় ৷ মুখপাত্ৰগৰাকীয়ে এক বিবৃতিত লগতে কয় যে অপৰাধীসকলক জবাবদিহি কৰিব লাগিব আৰু ইৰাণ কৰ্তৃপক্ষই ইয়াৰ নাগৰিকৰ অধিকাৰক সন্মান কৰিব লাগিব।
যোৱা বছৰ ক্ষমতালৈ অহা অতি ৰক্ষণশীল প্ৰাক্তন ন্যায়পালিকা মুৰব্বী ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিয়ে আমিনিৰ মৃত্যুৰ তদন্তৰ নিৰ্দেশ দিছে