আজি বিশিষ্ট লেখক, সমালোচক ৰঞ্জিত কুমাৰ দেৱ গোস্বামীৰ ওপজা দিন । ১৯৫১ চনৰ আজিৰ দিনটোতে নগাঁৱত তেওঁৰ জন্ম হয় । ১৯৭৪ চনত তেওঁ কটন কলেজত ইংৰাজী বিভাগৰ অধ্যাপক হিচাপে কৰ্মজীৱনৰ পাতনি মেলাৰ পিছত ১৯৮২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগত যোগদান কৰি পিছলৈ বিভাগীয় মুৰব্বী হয় । তেওঁ তেজপুৰ বিশ্ববিদ্যালয়ৰ শ্ৰীমন্ত শংকৰদেৱ আসনো অলংকৃত কৰিছিল । অসমত উত্তৰ আধুনিক তত্ত্ব চৰ্চাৰ অন্যতম বাটকটীয়া বুলি কোৱা হয় তেওঁক । তেওঁৰ প্ৰকাশিত গ্ৰন্থসমূহৰ ভিতৰত বাণীকান্ত কাকতি আৰু অসমৰ বৌদ্ধিক সমাজ, ৰিডিং শংকৰদেৱ : মাৰজিনেলিটী এণ্ড ইণ্ডিয়াননেছ উল্লেখযোগ্য । বাণীকান্ত কাকতি : দ্য মেন এণ্ড হিজ ৱৰ্কছ, এচেছ অন শংকৰদেৱ আদি তেওঁৰ সম্পাদিত গ্ৰন্থ । তেওঁৰ সমগ্ৰ ৰচনাৰাজি ১৯১৫ চনত প্ৰকাশিত ‘প্ৰবন্ধ’ নামৰ গ্ৰন্থত সন্নিৱিষ্ট হৈছে । বিশিষ্ট সমালোচকগৰাকীক জনালোঁ ওপজা দিনৰ ওলগ ।