নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ জাগীয়াল গাঁও নিবাসী তথা বিশিষ্ট শিক্ষাবিদ-সমাজকৰ্মী-সমাজ সংগঠক,শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাওঁ জিলা শাখা প্ৰাক্তন সভাপতি উমেশ চন্দ্ৰ বৰাৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ মংগলবাৰে অনুষ্ঠিত হৈ যায় । আদ্যশ্ৰাদ্ধৰ লগত সংগতি ৰাখি উমেশ চন্দ্ৰ বৰাৰ বাসগৃহত এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত হয় । জাগীয়াল কৃষ্টি বিকাশ কেন্দ্ৰৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক প্ৰফুল্ল চন্দ্ৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত স্মৃতিচাৰণ সভাখনিত স্মৃতিগ্ৰন্থ “উমেশজ্যোতি” উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ পূৰ্ণানন্দ ৰাজাই ।
জাগীয়াল কৃষ্টি বিকাশ কেন্দ্ৰৰ সম্পাদক নৱজ্যোতি বৰাই সম্পাদনা কৰা “উমেশজ্যোতি” স্মৃতিগ্ৰন্থ উন্মোচনী অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বৃন্দাবন বৰাই কয় যে সাম্প্ৰতিক সময়ত ব্যক্তিকেন্দ্ৰিক ধ্যান-ধাৰণা,চিন্তা ভাৱনাই আমাৰ আধ্যাত্মিক পৰিসৰ অধিক সংকুচিত কৰিছে । দয়া-মমতা,মৰম-স্নেহ সজ গুণসমূহ বিকশিত হোৱাৰ পৰিবেশ নথকাত আমাৰ জীৱন ভাৰাক্ৰান্ত হৈ পৰিছে । আধ্যাত্মিক শিক্ষাই হৃদয়ৰ মলিনতা আঁতৰ কৰি মানুহৰ অন্তৰত ভক্তি ভাৱৰ উন্মেষ ঘটায় । নৱজ্যোতি বৰাই আঁত ধৰা স্মৃতিচাৰণ সভাখনিত শ্ৰী মন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ সভাপতি জ্যোতি প্ৰসাদ ভূঞা,শিক্ষাব্ৰতী তুলসী বৰা,বৰকলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ গুৰুমুখ সিং,বৰ্তমানৰ অধ্যক্ষ-নিবন্ধকাৰ প্ৰতাপ সিং,শংকৰদেৱ বাপুজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা প্ৰভা বৰা,শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ সদস্য নলিনী বৰাকে প্ৰমুখ্যে কৰি বহুকেইজন বক্তাই উমেশ চন্দ্ৰ বৰাৰ জীৱন দৰ্শনৰ ওপৰত আলোকপাত কৰি সাৱলীল বক্তব্য ৰাখে ।
স্মৃতিচাৰণ সভাখনিত সমাজকৰ্মী ৰাজেন শইকীয়া,কুশী বৰুৱা,শিক্ষক নোমল বৰা,সংঘৰ জিলাৰ সাহিত্য শাখাৰ সভাপতি প্ৰফুল্ল চন্দ্ৰ বৰা,পুৰুষোত্তম আঞ্চলিক শাখাৰ সভাপতি যোগেন বৰা,সম্পাদক প্ৰদীপ ডেকা,সমাজকৰ্মী মুৰুলী মজুমদাৰ,পত্নী উমেশ চন্দ্ৰ বৰাৰ পত্নী মণি কুমাৰী বৰা,পুত্ৰদ্বয় প্ৰশান্ত কুমাৰ বৰা আৰু মৃণাল কুমাৰ বৰা,জোঁৱাই ভৱ প্ৰসাদ কাকতিকে ধৰি প্ৰায় তিনি শতাধিক ভক্তপ্ৰাণ ৰাইজ আৰু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে । উল্লেখ্য যে প্ৰয়াত উমেশ চন্দ্ৰ বৰাৰ যোৱা ১০ ছেপ্টেম্বৰত পুঁৱতি নিশা নিজা বাসভৱনত বাৰ্ধক্যজনিত ৰোগত মৃত্যু হৈছিল ।