বৰ্তমান সময়ত বেংক সমূহে আগবঢ়োৱা ঋণৰ সহায়ত বহু লোকে সংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছে ৷ কিন্তু ইয়াৰ সমান্তৰাল ভাৱে দেশত অনা-বেংকিং বিত্তীয় প্ৰতিষ্ঠান সমূহে আগবঢ়োৱা ঋণৰ প্ৰতিও আগ্ৰহী হৈছে বহু লোক ৷ বিশেষকৈ দেশৰ কৃষি খণ্ডত অনা বেংকিং বিত্তীয় প্ৰতিষ্ঠানৰ স্বৰ্ণ ঋণৰ চাহিদা যথেষ্ট বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে ৷
এক সূত্ৰই জানিবলৈ দিয়া মতে খাৰিফ খেতিৰ সময়ত দেশৰ কৃষকসকলৰ মাজত সোণৰ বিনিময়ত গ্ৰহণ কৰা ঋণৰ চাহিদা বৃদ্ধি পাবলৈ লোৱা দেখা গৈছে ৷অৱশ্যে কেৱল ধান খেতিয়েই নহয় মীন পালক সকলেও সোণৰ অলংকাৰ বন্ধকীত থৈ অনা-বেংকিং খণ্ডৰ বিত্তীয় প্ৰতিষ্ঠান সমূহৰ পৰা ঋণ লোৱাত অধিক আগ্ৰহী হৈছে বুলি জানিব পৰা গৈছে ৷
মুথুত ফাইনেন্সৰ পৰিচালন সঞ্চালক জৰ্জ আলেকজেণ্ডাৰ মুথুতে জানিবলৈ দিয়া মতে দেশখনৰ কৃষকসকলৰ লগতে মীনপালক সকলৰ মাজতো এই স্বৰ্ণ ঋণ গ্ৰহণৰ প্ৰৱণতা বাৰ্ষিক ভিত্তিত তুলনামূলকভাৱে ১০%ৰ পৰা ১২%লৈ বৃদ্ধি পাইছে ৷