২০ছেপ্টেম্বৰ,মংগলবাৰে সন্ধিয়া যোৰহাট জিলাৰ শংকৰদেব কলাকৃষ্টি গৱেষণা কেন্দ্ৰৰ মঞ্চত মুক্তি লাভ কৰে যোৰহাটৰ এগৰাকী বিশিষ্ট কবি,গীতিকাৰ তথা সুৰকাৰ সন্ধ্যা দেৱীয়ে ৰচনা আৰু সুৰ কৰা তিনিটাকৈ সুৰীয়া গীত ৷ উক্ত অনুষ্ঠানটি বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে জেষ্ঠ শিল্পী নিত্যৰঞ্জন বৰঠাকুৰে ৷ কালি অৰ্থাৎ ২০ ছেপ্টেম্বৰ তাৰিখে গীতিকাৰ তথা সুৰকাৰ সন্ধ্যা দেৱীৰ ওপজা দিনৰ শুভক্ষণত কণ্ঠশিল্পী সংহিতা পূজাৰীৰ কণ্ঠত “ নিৰ্জনতা’’ শীৰ্ষক প্ৰথমটো গীত উন্মোচন কৰে অসমৰ স্বনামধন্য শিল্পী জয়ন্ত নাথ আৰু নোমল বৰাই ৷ লগতে সুমন্ত পৰাশৰৰ কণ্ঠত দ্বিতীয়টো গীত “জীৱন অমূল্য ৰত্ন“উন্মোচন কৰে বিশিষ্ট ব্যক্তি শিবানী বৰুৱা ফুকন আৰু মানসজ্যোতি বৰাই ৷ আনহাতে একেখন মঞ্চতে সংহিতা পূজাৰীৰ কণ্ঠত বাণীবদ্ধ হোৱা তৃতীয়টো গীত “ফাগুন’’উন্মোচন কৰে জেষ্ঠ শিল্পী মীনু বৰুৱা আৰু ডা০দেৱজিত শৰ্মাই ৷
যোৰহাট অঞ্চলৰ শতাধিক সংগীতানুৰাগীৰ উপস্থিতিত সন্ধ্যা দেৱীৰ জন্মদিনৰ কেক কাটি সামৰণি মৰা হয় বিশিষ্ট গায়ক শিল্পী পংকজজ্যোতি বৰুৱাই আঁত ধৰা এই অনুষ্ঠানটিৰ ৷