পিএম কেয়ার্ছ পুজিঁৰ ন্যাসৰক্ষী হিচাপে মনোনীত কৰা হৈছে টাটা ছনছৰ মুৰব্বী তথা বিশিষ্ট উদউোগপতি ৰটন টাটাক ৷ উদ্যোগপতি গৰাকীৰ উপৰি উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ কে টি থমাছ আৰু লোকসভাৰ প্ৰাক্তন অধ্যক্ষ কাৰিয়া মুণ্ডাকে ধৰি আন কেইবা গৰাকী বিশিষ্ট ব্যক্তিক ন্যাসৰক্ষী হিচাপে মনোনীত কৰা হৈছে। চৰকাৰে এক অধিসূচনাৰ জৰিয়তে এই তথ্য সদৰী কৰিছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ন্যাসৰক্ষী পৰিষদৰ বৈঠকৰ অধ্যক্ষতা কৰাৰ এদিন পিছতে এই কথা ঘোষণা কৰা হৈছে ৷ প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠিত কৰা বৈঠকত নতুনকৈ নিযুক্তি পোৱা সদস্যসকলে উপস্থিত আছিল ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণো এই বৈঠকত উপস্থিত থাকে ৷
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক বিবৃতিত প্ৰকাশ কৰা অনুসৰি পিএম কেয়ার্ছ পুঁজিৰ এক অবিচ্ছেদ্য অংশ হোৱাৰ বাবে ন্যাসৰক্ষীসকলক প্ৰধানমন্ত্ৰী মোদীয়ে আদৰণি জনায়। বিত্তমন্ত্ৰী সীতাৰমন আৰু গৃহমন্ত্ৰী শ্বাহকো ন্যাসৰক্ষী হিচাপে নিযুক্তি দিয়া হৈছে ৷
প্ৰাক্তন মহা গাণনিক ৰাজীৱ মেহৰিছি, ইনফ’ছিছ ফাউণ্ডেশ্যনৰ প্ৰাক্তন অধ্যক্ষ সুধা মূৰ্তি আৰু টিচ ফৰ ইণ্ডিয়াৰ সহ-প্ৰতিষ্ঠাপক আনন্দ শ্বাহক এই পুঁজিৰ পৰামৰ্শদাতা মণ্ডলীত অন্তভুর্ক্ত কৰা হৈছে।
বৈঠকত ন্যাসৰক্ষীসকলে গুৰুত্বপূৰ্ণ সময়ত এই পুঁজিয়ে আগবঢ়োৱা অৱদানৰ শলাগ লয় ৷ য’ত ‘পিএম কেয়াৰ ফৰ চিলড্ৰেন’ আঁচনিৰ অধীনত ৪,৩৪৫টা শিশুক সহায় ন কৰা হৈছে ৷ ২০২০ চনত আৰম্ভ হোৱা ক’ভিড মহামাৰীৰ সময়ত জৰুৰীকালীন সাহায্য ব্যৱস্থাৰ অংশ হিচাপে পিএম কেয়ার্ছ পুঁজিৰ সৃষ্টি কৰা হৈছিল।