বাহনৰ পাছৰ আসনত বহিলেও এতিয়াৰে পৰা ব্যৱহাৰ কৰিব লাগিব ছিটবেল্ট ৷ ইয়াৰ বাবে যাৱতীয় আইন প্ৰণয়ন কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ কেন্দ্ৰীয় পথ, পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে গাড়ী নিৰ্মাতাসকলে পিছৰ ছিটবেল্টৰ বাবে এলাৰ্ম ব্যৱস্থা স্থাপন কৰাটো বাধ্যতামূলক কৰিবলৈ খচৰা নিয়ম জাৰি কৰিছে। খচৰা নিয়মৰ ওপৰত ৫ অক্টোবৰলৈ ৰাইজে নিজৰ মতামত জনাব পাৰিব ৷
টাটা ছনচৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিষ্ট্ৰী শেহতীয়াকৈ এটা গাড়ী দুৰ্ঘটনাত মৃত্যু হোৱাৰ পিছতে কেন্দ্রই পিছৰ ছিটবেল্টৰ ব্যৱহাৰ বলবৎ কৰাৰ কথা চিন্তা কৰি আহিছে।
চলিত মাহৰ আৰম্ভণিতে পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে ই-কমাৰ্চ কোম্পানীসমূহক গাড়ীৰ ছিট বেল্টৰ এলাৰ্ম নিষ্ক্ৰিয় কৰিবলৈ ডিজাইন কৰা যন্ত্ৰ বিক্ৰী কৰা বন্ধ কৰিবলৈ নিৰ্দেশ দিছিল। গাডকাৰীয়ে কয় যে তেওঁৰ মন্ত্ৰালয়ে ২০২৪ চনৰ শেষৰ ফালে পথ দুৰ্ঘটনা আৰু মৃত্যুৰ হাৰ আধালৈ হ্ৰাস কৰাৰ লক্ষ্য বান্ধি লৈছে।চৰকাৰে এই বছৰ সকলো গাড়ীতে বাধ্যতামূলক ছটা এয়াৰবেগৰ বাবে খচৰা চূড়ান্ত প্ৰস্তুত কৰাৰ কথা চৰকাৰে চিন্তা চর্চা কৰিছে ৷ গাডকাৰীয়ে কয় যে এই নিয়মসমূহ কঠোৰভাৱে বলবৎ কৰাৰ পৰিকল্পনা কৰা হৈছে ৷ যিকোনো অমান্যতাৰ বাবে কঠোৰ শাস্তিৰ প্ৰৱৰ্তন কৰা হ’ব ৷
উল্লেখ্য যে ভাৰতত এজন ব্যক্তিৰ প্ৰতি চাৰি মিনিটৰ মূৰে মূৰে পথ দুৰ্ঘটনাত মৃত্যু হয় বুলি বিশ্ব বেংকে যোৱা বছৰ প্ৰকাশ কৰিছে। বৰ্তমান সকলো বাহন নিৰ্মাতাই সন্মুখৰ আসনৰ যাত্ৰীৰ বাবে ছিটবেল্টৰ এলার্ম প্ৰদান কৰাটো বাধ্যতামূলক।