আপুনি বাৰু ফল খাই ভাল পাই নেকি ? ফলৰ ভিতৰত কোন বিধ ফল আপোনাৰ সবাতোতকৈ প্ৰিয় ? আপেল প্ৰিয় নেকি বাৰু আপোনাৰ ? তেন্তে নিশ্চয় এই ছবিবোৰ দেখি আপুনিও বৰ আনন্দিত হ’ব ৷ কাৰণ এতিয়া আপেলৰ বতৰ ৷ পূৰঠ ৰঙা আপেলৰ পয়োভৰ এতিয়া ভাৰতৰ ফলমূলৰ বজাৰ সমূহত ৷
কিন্তু এই সুস্বাদু আপেলবোৰ দেশৰ কোনখন ঠাইত বেছিকৈ উৎপাদন হয় আপুনি জানেনে ?
ভাৰতবৰ্ষত ভূ-স্বৰ্গ ৰূপে খ্যাত কাশ্মীৰ ৷ অত্যন্ত আকৰ্ষণীয় প্ৰাকৃতিক শোভাৰে কাশ্মীৰত প্ৰচুৰ পৰিমাণে এই আপেলৰ উৎপাদন হয় ৷ বৰ্তমান আপেলবোৰ পূৰঠ হোৱাৰ সময় ৷ সেয়েহে আপেলৰ খেতিত ব্যস্ত হৈ থকা খেতিয়ক সকল এতিয়া ব্যস্ত ৰঙা ৰঙা সুস্বাদু আপেল সমূহ গছৰ পৰা পাৰি বজাৰলৈ উলিয়াই দিয়াত ৷
অৱশ্যে এইবাৰ প্ৰচূৰ পৰিমাণে আপেল উৎপাদন কৰি সন্তুষ্ট হৈ পৰিছে কাশ্মীৰৰ আপেল উৎপাদনকাৰী কৃষকসকল ৷ সেয়েহে এইবাৰ আপেল সমূহ প্ৰচুৰ পৰিমাণে গছৰ পৰা পাৰি ভাৰতৰ বিভিন্ন ৰাজ্যৰ বজাৰসমূহলৈ বিক্ৰীৰ বাবে আগবঢ়াইছে কাশ্মীৰৰ কৃষক সকলে ৷