সঘনাই দেশবিৰোধী কার্যকলাপত লিপ্ত থকাৰ অভিযোগ উত্থাপিত হৈ অহা পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ বিৰুদ্ধে আজি দেশজুৰি আভিযান চলাই নেচনেল ইনভেষ্টিগেচন এজেঞ্চী চমুকৈ ‘নিয়া’ই ৷ প্ৰাপ্ত তথ্য অনুসৰি বৃহস্পতিবাৰে পুৱা নিয়াই কেইবাখনো ৰাজ্যৰ পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়াৰ সৈতে জড়িত লোকৰ বাসগৃহত তথা কার্যালয়ত অভিযান চলায়।
পি এফ আইৰ বিৰুদ্ধে সন্ত্ৰাস বিৰোধী সংস্থাটোৱে গুৱাহাটীৰ উপৰি উত্তৰ প্ৰদেশ, কেৰেলা, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, কৰ্ণাটক, তামিলনাডুকে ধৰি দহখন ৰাজ্যত অভিযান চলায়।দেশজোৰা অভিযানত গ্ৰেপ্তাৰ হৈছে ১০০ জনতকৈ অধিক শীৰ্ষ পি এফ আই নেতা আৰু কৰ্মী। নিয়া , এনফর্চমেণ্ট সঞ্চালকালয় (ইডি) আৰু ৰাজ্যিক আৰক্ষীয়ে সমন্বিত পদক্ষেপত অভিযান চলায়।
ইয়াৰে ভিতৰত কেৰেলাত সৰ্বাধিক ২২ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ৷ তদুপৰি মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকত ২০ জনকৈ, অন্ধ্ৰপ্ৰদেশত ৫ জন,অসমত ৯জন , দিল্লীত ৩ জন, মধ্যপ্ৰদেশত ৪ জন, পুডুচেৰীত ৩ জন , তামিল নাডু ১০ জন, উত্তৰ প্ৰদেশ ৮ জনআৰু ৰাজস্থান ২ জন পি এফ আই সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে ৷ ।
সন্ত্ৰাসবাদীক পুঁজি যোগান ,প্ৰশিক্ষণ শিবিৰ আয়োজন আৰু বহুলোকক উগ্ৰপন্থী গোটত যোগদান কৰিবলৈ উৎসাহিত কৰা আদিকে ধৰি বিভিন্ন অভিযোগত পিএফআইৰ বিৰুদ্ধে অভিযান চলায় ৷ বর্তমানলৈ এয়া হৈছে পিএফআইৰ বিৰুদ্ধে চলোৱা সর্ববৃহৎ অভিযান ৷ এই গ্ৰেপ্তাৰৰ বিৰুদ্ধে তামিলনাডু আৰু কৰ্ণাটকত পি এফ আইৰ সদস্যসকলে প্ৰতিবাদ সাব্যস্ত কৰে।
পি এফ আইৰ ৰাষ্ট্ৰীয়, ৰাজ্যিক আৰু স্থানীয় নেতাৰ ঘৰত অভিযান চলোৱা হৈছে।ৰাজ্যিক কমিটিৰ কাৰ্যালয়তো অভিযান চলোৱা হৈছে। মঙলবাৰে সন্ত্ৰাসবাদ বিৰোধী সংস্থাটোৱে তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশৰ ৩৮টা স্থানত তালাচী চলোৱাৰ পিছত চাৰিজন পিএফআই কৰ্মীৰ বিৰুদ্ধে অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (ইউএপিএ)ৰ অধীনত গোচৰ ৰুজু কৰে ৷