পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া চমুকৈ পিএফআইৰ বিৰুদ্ধে দেশজুৰি বৃহৎ অভিযান চলোৱাৰ পাছতে আজি এক উচ্চস্তৰীয় বৈঠকত মিলিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ প্ৰাপ্ত তথ্য অনুসৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ বিৰুদ্ধে চলোৱা তালাচী আৰু গ্ৰেপ্তাৰ কৰা লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বিষয়ে আলোচনা কৰা জানিব পৰা গৈছে ৷ উচ্চ পৰ্যায়ৰ বৈঠক খনত অংশগ্ৰহণ কৰা শীৰ্ষ বিষয়াসকলৰ ভিতৰত আছিল ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভাল, কেন্দ্ৰীয় গৃহ সচিব অজয় ভাল্লা, ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ সঞ্চালক প্ৰধান দিনকৰ গুপ্তা।এই বৈঠকত পিএফআইৰ বিৰুদ্ধে চলোৱা উদ্ধাৰ অভিযানত লাভ কৰা তথ্য প্ৰমাণকে ধৰি সকলো বিষয়ৰ অনুসন্ধান কৰে গৃহমন্ত্ৰীয়ে ৷
ইডি আৰু আৰক্ষীৰ সহায়ত ১১ খন ৰাজ্যত অভিযান চলাই নিয়াই ১০৬ জন পিএফআই কৰ্মীক গ্ৰেপ্তাৰ কৰিছে ৷ পুৱাৰে পৰা পিএফআইৰ নেতা কর্মীৰ বাসগৃহৰ লগতে কার্যালয় চৌহদত অভিযান চলায় আৰক্ষীয়ে ৷