ঢোল সম্ৰাট সোমনাথ বড়া (ওজা)লৈ যথোচিত সন্মান আগবঢ়োৱাৰ বাতৰিয়ে আনন্দিত কৰিছে সংস্কৃতি প্ৰেমী প্ৰতিগৰাকী অসমীয়াকে ৷ ভাৰত চৰকাৰৰ উত্তৰ-পূব মণ্ডল সাংস্কৃতিক কেন্দ্ৰ ডিমাপুৰ আৰু ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ যোগেদি অসমৰ ওজা ঢোলক সন্মান জনাই, “গুৰু-শিষ্য পৰম্পৰা” আঁচনিৰ অন্তৰ্গত, “ঢোল সম্ৰাট” সোমনাথ বড়া (ওজা)ক “গুৰু” উপাধি প্ৰদানৰ বাবে নিৰ্বাচিত কৰা হৈছে বুলি শেহতীয়াকৈ ঘোষণা কৰা হৈছে ৷
দেশৰ অন্যান্য ৰাজ্যসমূহৰ তুলনাত অসম সাংস্কৃতিক ভাৱে এখন চহকী ৰাজ্য ৷ অসমৰ কলা-সংস্কৃতিয়ে যুগে যুগে আকৰ্ষিত কৰি আহিছে সকলোকে ৷ প্ৰাকৃতিক সৌন্দৰ্য আৰু লোক-সংস্কৃতিৰে সমৃদ্ধ এইখন অসমত বিহু হ’ল জাতীয় উৎসৱ আৰু এই বিহু পৰম্পৰা ,সংস্কৃতিক জীয়াই ৰখাৰ বাবে বহু ত্যাগ স্বীকাৰ কৰি আহিছে ৰাজ্যখনৰ বহু লোকে ৷ সেইসকলৰ ভিতৰত লোক সংস্কৃতিৰ ক্ষেত্ৰখনত আমি প্ৰথমেই নাম ল’ব পাৰোঁ ‘মঘাই ওজা’ৰ ৷ আনহাতে ৰাজ্যখনৰ অন্যান্য লোক-সংস্কৃতিৰ ক্ষেত্ৰতো তেনে বহুলোকৰ অৱদান অনস্বীকাৰ্য ৷
অসমৰ চহকী লোক-সংস্কৃতিত ভিতৰত ঢোল বাদনো তেনে এক কলা ৷ যাৰ অবিহনে বিহুৰ কথা কল্পনাও কৰিব নোৱাৰি ৷ সেই ঢোল বাদনকে নিজৰ জীৱন হিচাপে লৈ বহু সংগ্ৰামৰ মজেৰে নিজৰ কৃষ্টি-সংস্কৃতিক ৰাইজৰ মাজলৈ লৈ যোৱাৰ লগতে নৱ প্ৰজন্মক ইয়াৰ প্ৰতি আকৰ্ষিত কৰা আৰু বিশ্ব দৰবাৰত ইয়াক প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত অসমৰ এগৰাকী শিল্পীৰ নাম হয়তো নোলোৱাকৈ থাকিব নোৱাৰি ৷ তেওঁ হ’ল ‘ঢোল সম্ৰাট’ সোমনাথ বৰা ৷ যি অসমীয়া জাতীয় ঐতিহ্যক জনমানসত প্ৰতিষ্ঠা কৰাৰ বাবে সদায়েই অহোপুৰুষাৰ্থ কৰি আহিছে ৷
সেয়েহে এই বাতৰিয়ে আনন্দিত কৰিছে প্ৰতিগৰাকী অসমীয়াকে ৷ অসমৰ সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে অগ্ৰসৰ হোৱা নাইবা এই লোক-সংস্কৃতি সমূহক অসমীয়া জাতিৰ ঐতিহ্যত জীয়াই ৰাখিবলৈ ত্যাগ স্বীকাৰ কৰা প্ৰতিজন সঁচা অসমীয়াই লাভ কৰক এনে সন্মান তাকেই আন্তৰিকতাৰে কামনা কৰে প্ৰতিগৰাকী সংস্কৃতিপ্ৰেমীয়ে ৷