কুকুৰা যুঁজ অসমীয়া গাৱঁলীয়া সমাজৰ এটি আমোদজনক খেল। মোবাইল , টিভি আদি অহাৰ আগতে গ্ৰাম্য জীৱনত সমনীয়া লৰাবোৰে লগলাগি আনন্দ -ধেমালিৰে খেল-ধেমালি কৰিছিল। তেনে এবিধ খেল হ’ল কুকুৰা যুঁজ। আজিৰ পৰা কিছু বছৰৰ আগৰ যুৱ প্ৰজন্মৰ খেলটোৰ নাম শুনাৰ লগে লগে মনটো উভতি যাব লৰালিলৈ নিশ্চয়কৈ।
কুকুৰা যুঁজ লৰা -ডেকাৰ এবিধ আমোদৰ খেল। কুকুৰা যুঁজত অংশলোৱা পুৰুষে এখন ভৰিৰে দেও দি দেওদি ইজনে সিজনক খুন্দিয়াই পেলাব লাগে। এই খেলখনৰ বাবে খেল পথাৰত বৃত্তাকাৰ ক্ষেত্ৰ এটা আঁচ টানি লোৱা হয়। কুকুৰা অৰ্থাৎ খেলুৱৈবোৰে এটা ভৰি পিছফালে এখন হাতেৰে ধৰি লয় আৰু আনখন হাতেৰে ভৰি ধৰি থকা হাত খনৰ বাহুত ধৰি থাকিব লাগে। খেলৰ দলটোৰ ভিতৰতে এজনক পৰিচালক হিচাপে বাচনি কৰা হয় আৰু পৰিচালক জনে যুঁজ আৰম্ভ হোৱা সংকেট দিয়াৰ লগে লগে দেওদি দেওদি কুকুৰাবোৰে ইটোৱে সিটোক খুন্দিয়াই পেলাবলৈ চেষ্টা কৰে। এই যুঁজ খেলি থকা কুকুৰাৰ ধৰি থকা ভৰিটো হাতৰ পৰা এৰা পৰিলে নাইবা বাহুত থকা হাত বাহুৰ পৰা খহি পৰিলে বা খেলি থকা ক্ষেত্ৰৰ আঁচৰ বাহিৰত ভৰি পৰিলে সেইটো কুকুৰা যুদ্ধ ক্ষেত্ৰৰ পৰা বাহিৰ কৰি দিয়া হয়। এনেকৈ যুঁজি যুঁজি শেষলৈ খেলি থকা কুকুৰাটোৱে সেইদিনৰ খেলখনৰ জয়ী বুলি ঘোষণা কৰা হয়।
দুটা সমান মতা কুকুৰাৰ যুঁজেই কুকুৰাৰ যুঁজ। ইতিহাসৰ পাত লুটিয়ালে দেখা যায় –আহোমৰ দিনত কুকুৰা যুঁজৰ প্ৰচলন আছিল। আহোম স্বৰ্গদেউ সকলে টোলৰ ভিতৰতে কুকুৰা যুঁজাই আনন্দ উপভোগ কৰিছিল। পিছলৈ আহোম সকলে হিন্দু ধৰ্মত দিক্ষিত হ’বৰে পৰা টোলৰ ভিতৰত কুকুৰা যুঁজৰ প্ৰচলন বন্ধ হ’ল। কিছুমান অঞ্চলত বিহুৰ সময়ত কুকুৰা যুঁজ প্ৰতিযোগিতা আজিৰ দিনটো দেখিবলৈ পোৱা যায়।
আগৰ দিনত লৰা-ছোৱালীৰ জিমৰ প্ৰয়োজন নাছিল। মনৰ আনন্দ-ফুৰ্তিৰ বাবে এইখেল সমূহ খেলিছিল যদিও তাৰ লগতে জনা -নজনাকৈ শাৰীৰিক ব্যায়ামৰ চৰ্চা হৈ আছিল। আজিৰ দিনত এই খেলবোৰৰ প্ৰচলন নোহোৱা হৈ যোৱাৰ লগে লগে শাৰীৰিক পৰিশ্ৰমৰ পৰা বঞ্চিত হ’ব লগা হোৱাৰ ফলত ডেকা অৱস্থাতে বহুতো ৰোগে আক্ৰমণ কৰিবলৈ সুবিধা পালে। চহৰ অঞ্চলত ঠাই আৰু লগৰীয়াৰ অভাৱৰ বাবে এই খেলবোৰ খেলিবলৈ সুবিধা নাই , সেই কথা আমি মানিবই লাগিব কিন্তু গ্ৰাম্যাঞ্চলত আমি খেলবোৰৰ চৰ্চা কৰিব পাৰোঁ ইচ্ছা কৰিলে।
যুগৰ পৰিৱৰ্তনৰ লগে লগে আমাৰ জীৱন ধাৰণৰ পদ্ধতিও সলনি হৈ আহিছে। সেয়া আমি সময়ৰ আহ্বানক মানিবই লাগিব। গাওঁ-চহৰৰ মাজত আজি একেই পৰিৱেশ। প্ৰতিযোগিতাৰ যুঁজত স্কুলৰ পিছত টিউচন , আৰ্টচ স্কুল মিউজিক আদিৰ বাবে আজিৰ শিশুৰ সময়ৰ অভাৱ। তাৰ মাজতে অলপ সময় উলিয়াই যিখিনি সময় মোবাইল আদিত পাভজি জাতীয় খেল খেলি সময় নষ্ট নকৰি আমি যদি এই পুৰণিকলীয়া খেলবোৰৰ প্ৰতি উঠি অহা প্ৰজন্মক আকৰ্ষিত কৰাব পাৰোঁ তেনেহ’লে তেওঁলোকৰ মানসিক আনন্দৰ লগতে শাৰীৰিক চৰ্চাও হৈ থাকিব। হয়তো আজিৰ প্ৰজন্ম সুস্থ শৰীৰ আৰু সুস্থ মন এটাৰ অধিকাৰী হৈ সমাজক প্ৰতিনিধিত্ব কৰিব পাৰিব।