আজি বিশিষ্ট মনস্তাত্বিক ছিগমুণ্ড ফ্ৰয়েডৰ স্মৃতি দিৱস । তেওঁ আছিল এগৰাকী অষ্ট্ৰীয় মানসিক ৰোগ চিকিৎসক । তেওঁ মনোসমীক্ষণ (Psychoanalysis) নামৰ এবিধ মনোচিকিৎসা পদ্ধতিৰ আৱিষ্কাৰক । তেওঁ উদ্ভাৱন কৰা মানৱ সত্বাৰ ‘অৱচেতন’, ‘ফ্ৰয়েডিয় স্খলন’, ‘আত্মৰক্ষণ প্ৰক্ৰিয়া’ তথা ‘সপোনৰ প্ৰতীকী ব্যাখ্যা’ আদি ধাৰণা অতি জনপ্ৰিয় । তেওঁ ইডিপাছ কম্প্লেক্স আৰু ইলেক্ট্ৰা কম্প্লেক্স নামৰ মতবাদসমূহৰ বাবেও চৰ্চিত । তেওঁৰ বিভিন্ন তত্ত্বই সাহিত্য, চলচ্চিত্ৰ আদিত গভীৰ প্ৰভাৱ বিস্তাৰ কৰা দেখা যায় । ১৯৩৯ চনৰ আজিৰ দিনটোতে লণ্ডনৰ হাম্পষ্টিডত তেওঁৰ দেহাৱসান ঘটে । মনোবিজ্ঞানীগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি বিশিষ্ট কবি তথা কূটনীতিক পাবলো নেৰুদাৰ স্মৃতি দিৱস । চিলিৰ এই কবিগৰাকীৰ প্ৰকৃত নাম আছিল নেফটালি ৰিকাৰ্ড’ ৰেইচ বাচ’লাট’ । পিছলৈ তেওঁ চেক কবি জান নেৰুদাৰ নামৰ অনুকৰণত এই ছদ্মনামটো লয় যদিও অৱশেষত সেয়াই তেওঁৰ আইনী নাম হৈ পৰে । ভাৰতৰ প্ৰতি তেওঁৰ বিশেষ প্ৰেম আছিল । তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাতো যোগদান কৰিছিল, য’ত তেওঁ মহাত্মা গান্ধী, সুভাষ চন্দ্ৰ বসু, জৱাহৰলাল নেহৰু আদি নেতাসকলক লগ পাইছিল । A Captain’s Verses, Stones of Sky, Memoirs আদি তেওঁৰ গ্ৰন্থ । ১৯৭১ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰে । ১৯৭৩ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । কবিগৰাকীলৈ আমাৰ প্ৰণাম ।