পুনৰ সুতৰ হাৰ বৃদ্ধিৰ এক ইংগিত প্ৰদান কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে ৷ ছেপ্টেম্বৰ মাহৰ এক প্ৰতিবেদনত ভাৰতীয় ৰিজাৰ্ভ বেংকে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণত ৰখাৰ উদ্দেশ্যে এই ইংগিত প্ৰদান কৰা বুলি ইতিমধ্যেই স্পষ্ট হৈ পৰিছে ৷
ভাৰতীয় ৰিজাৰ্ভ বেংকে এক অনুমান কৰিছে যে উৎসৱৰ এই সময়ছোৱাত ভাৰতীয় গ্ৰাহক সকলৰ মাজত বিভিন্ন সামগ্ৰী ক্ৰয় কৰাৰ প্ৰৱণতা বৃদ্ধি হোৱাৰ ফলত দেশৰ অৰ্থনীতিয়ে এক নতুন মাত্ৰা লাভ কৰিবলৈ সক্ষম হ’ব ৷ সেয়েহে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণত ৰখাৰ বাবে পুনৰ সুতৰ হাৰ বৃদ্ধিৰ এই ইংগিত প্ৰদান কৰিছে বেংকটোৱে ৷ ইয়াৰ উপৰি চলিত মাহৰ শেষৰফালে মুদ্ৰানীতি সম্পৰ্কীয় পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰা হ’ব বুলিও জানিবলৈ দিছে বেংক কৰ্তৃপক্ষই ৷
আনহাতে প্ৰতিবেদন খনত এই কথাও উল্লেখ কৰা হৈছে যে অনাগত সময়ছোৱাত দেশৰ মুদ্ৰাস্ফীতি কিছু পৰিমাণলৈ হ’লেও নিয়ন্ত্ৰণলৈ আহিব ৷