পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া চমুকৈ পিএফআইৰ বিৰুদ্ধে অভিযান চলোৱাৰ পাছতে উত্তাল হৈ পৰিছে কেৰালা ৷ নিয়া আৰু ইডিয়ে চলোৱা অভিযানৰ পাছতে পিএফআইৰ একাংশ সদস্যই প্ৰতিবাদ সাৱ্যস্ত কৰাৰ লগতে বন্ধৰ আহ্বান জনায় ৷ ইয়াৰ পাছতে কেৰেলা উচ্চ ন্যায়ালয়ে আজি ইছলামিক সংগঠন পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ নেতাসকলৰ বিৰুদ্ধে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰে ৷ ৰাজ্যখনত ইয়াৰ ১০০ জনতকৈ অধিক শীৰ্ষ নেতাৰ বিৰুদ্ধে অভিযান চলোৱা আৰু গ্ৰেপ্তাৰৰ বিৰুদ্ধে ধৰ্মঘটৰ আহ্বান জনোৱাৰ বাবে এই গোচৰ ৰুজু কৰা হৈছে ৷
ইয়াৰ পূৰ্বে ধর্মঘট নিষিদ্ধ কৰা বুলি আঙুলিয়াই দি আদালতে ৰাজ্য চৰকাৰক ইয়াৰ নিৰ্দেশ উলংঘা কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশনা দিয়ে। ৰাজহুৱা সম্পত্তি ধ্বংস কৰাটো গ্ৰহণযোগ্য নহয় বুলিও উচ্চ ন্যায়ালয়ে উল্লেখ কৰিছে । কেৰেলা উচ্চ ন্যায়ালয়ে ২০১৯ চনৰ জানুৱাৰীত এক নির্দেশ দিছিল যে ৭ দিনৰ আগতীয়া জাননী অবিহনে ৰাজ্যখনত কোনেও বন্ধৰ আহ্বান জনাব নোৱাৰে।
কৰ্ণাটকৰ গৃহমন্ত্ৰী আৰাগা জ্ঞানেন্দ্ৰই কয় যে পিএফআই নিষিদ্ধ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ৰাজ্যিক আৰক্ষীয়ে কালি ১৮টা স্থানত তালাচী চলাইছিল আৰু সোধা-পোছাৰ বাবে ১৫জন লোকক আটক কৰিছে ৷নিয়াই ৭জন লোকক গ্ৰেপ্তাৰ কৰিছে ৷
পিএফআইয়ে আহ্বান জনোৱা ধর্মঘটৰ ফলত শুকুৰবাৰে পুৱাৰে পৰা কেৰেলাৰ বিভিন্ন প্ৰান্তত শিলগুটি নিক্ষেপকে ধৰি বিক্ষিপ্ত হিংসাত্মক ঘটনা সংঘটিত হৈছে ৷ পিএফআইৰ সমৰ্থকৰ আক্ৰমণত আজি পুৱা কোল্লাম জিলাত দুজন আৰক্ষী বিষয়া আহত হয়।
দেশত সন্ত্ৰাসবাদী কাৰ্যকলাপক সমৰ্থন কৰাৰ অভিযোগত বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা চমুকৈ নিয়া আৰু অন্যান্য সংস্থাই ইয়াৰ নেতাসকলৰ কাৰ্যালয় আৰু বাসগৃহত অভিযান চলোৱাৰ লগতে পৰৱৰ্তী সময়ত তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ পিএফআইয়ে পুৱা ৬ বজাৰ পৰা ১২ ঘণ্টীয়া বন্ধৰ আহ্বান জনায়। ধর্মঘটৰ সমৰ্থকসকলে প্ৰতিবাদী সমদল উলিয়াই, বাহনৰ চলাচল বন্ধ কৰাৰ লগতে বিভিন্ন ঠাইত দোকান বন্ধ কৰি দিয়ে ৷