ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ সমূহ বৰ্তমান সময়ত হৈ পৰিছে মৃত্যুদূত স্বৰূপ। নিতৌ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে একাংশ লোকে। ইয়াৰ সমান্তৰাল ভাৱে চিৰদিনলৈ ঘূণীয়া হৈছে বহু লোক। ইয়াৰ মুখ্য কাৰণ হৈছে গাড়ীৰ অত্যাধিক গতিবেগ তথা ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা।
সাধাৰণতে দেখা যায় যে ৰাজ্যৰ প্ৰায় প্ৰতিগৰাকী নাগৰিকে নিজৰ চাৰিচকীয়া বা দুচকীয়া বাহনেৰে বিভিন্ন ঠাইলৈ যাতায়ত কৰে। তেনে স্থলত একাংশই যান বাহন আইন মানি চলে যদিও আন একাংশই যান বাহন আইনলৈ যেন কেৰেপেই নকৰে।
ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰ তথা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে শেহতীয়া ভাবে কিছু নতুন নীতি নিৰ্দেশনা জাৰি কৰিছে। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে বান্ধি দিয়া স্পীড লিমিট অনুসৰি নিয়ম মানি নচলিলে ভৰিব লগীয়া হব পাৰে ২০০০ টকা পৰ্যন্ত জৰিমনা।
যাৰ বাবে এতিয়া প্ৰতিখন জিলাৰ পৰিবহণ বিভাগ সষ্টম হৈ পৰিছে। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ফলক আঁৰি থোৱা স্পীড লিমিট এৰিয়া বোৰত সাজু কৰি থোৱা হৈছে অত্যাধুনিক সা সুবিধা যুক্ত ইন্টাৰচেপ্টৰ বাহন।
গতিকে ৰাজপথত বাহন চলাওঁতে সাৱধান নহলে আপুনিও হয়তো বিপদত পৰিব পাৰে। কাৰণ এতিয়াৰে পৰা ইন্টাৰচেপ্টৰ বাহনত থকা অত্যাধুনিক কেমেৰা তথা স্পীড গানে প্ৰতিখন যান বাহনৰ ওপৰত চোকা দৃষ্টি ৰাখিব।যাৰ পৰিপ্ৰেক্ষিতত অকণমান ভুলৰ বাবে বিপদত পৰিব সৰ্বসাধাৰণ লোক।
কিন্তু মূল বিষয়টো হ’ল যে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে অসমৰ সৰ্বসাধাৰণ ৰাইজৰ বাবে কিমান খিনি সা-সুবিধা প্ৰদান কৰিছে? ঠায়ে ঠয়ে নিৰ্মাণ কৰা টোল গেট সমূহত উপযুক্ত সা সুবিধা আছেনে? নিৰ্মাণ সম্পূৰ্ণ নোহোৱা অসমৰ ৰাষ্ট্ৰীয় ঘাইপথ সমূহৰ ক্ষেত্ৰত প্ৰাধিকৰণে কি ব্যৱস্থা গ্ৰহণ কৰিছে? নে কেৱল জনসাধাৰণৰ পৰা কৰ সংগ্ৰহ কৰাটোৱেই তেওঁলোকৰ প্ৰধান লক্ষ্য হৈ পৰিছে?
এই ক্ষেত্ৰত ভাৰত চৰকাৰৰ কিছু বিচাৰ বিবেচনা কৰাৰ প্ৰয়োজন আহি পৰিছে।
অসমৰ ৰাষ্ট্ৰীয় ঘাইপথ সমূহত ঠাই বিশেষে এতিয়াও ডাঙৰ ডাঙৰ গাঁত আছে যাৰ বাবে নিতৌ সেই ঠাই সমূহত দুৰ্ঘটনা সংঘটিত হৈ আহিছে।
আনহাতে ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা হলে ভুক্তভোগীক চিকিৎসালয়ত ভৰ্তি কৰাবৰ বাবে বিনামূলীয়া এম্বুলেন্স সেৱা,হাই ৱে পেট্ৰল,দুৰ্ঘটনাত পতিত হোৱা বাহন লৈ যাবৰ বাবে ৰিক’ভাৰী ভান, সহায়ৰ বাবে বিনামূলীয়া টেলিফোন বুথ, ইত্যাদি সা সুবিধা সাধাৰণ ৰাইজক দিয়াৰ প্ৰয়োজন আছে। কিন্তু অসমৰ কোনো এজন নাগৰিকে আজিলৈ এনেকুৱা ধৰণৰ সা- সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা নাই।
সেই হেতুকে অসমৰ ৰাষ্ট্ৰীয় ঘাইপথ সমূহৰ সঠিক ভাবে নিৰ্মাণ সম্পূৰ্ণ নোহোৱা পৰ্য্যন্ত স্পীড লিমিট বা অন্যান্য সংক্ৰান্তত বৃহৎ পৰিমাণৰ জৰিমনা বিহাতো কিমান দূৰ সমীচীন হ’ব সেয়া বৰ্তমান সময়ত বিচাৰ্য্য বিষয়।
ইয়াৰ সমান্তৰাল ভাৱে অসমৰ ৰাষ্ট্ৰীয় ঘাইপথ সমূহৰ যি সমূহ ডিভাইদাৰ আছে সেই ডিভাইদাৰ সমূহৰ সঠিক ভাবে কোনো চিন চাব নাই। যাৰ যেনেকৈ সুবিধা হয় তেনেকৈয়ে ডিভাইদাৰ সমূহ ভাঙি ৰাস্তা নিৰ্মাণ কৰি লৈছে। ফলত নিতৌ দূৰ্ঘটনা সংঘটিত হৈ আহিছে। একাংশই ফৰলে’ন ঘাইপথৰ মাজ ভাগত গৰু ছাগলী এৰাল দিয়াৰ ফলশ্ৰুতিত গাড়ীৰ খুন্দাত বহু পশুধনৰ মৃত্যু হোৱাৰ লগতে বহুতো লোকে প্ৰাণ হেৰুৱাব লগীয়া ঘটনাও সংঘটিত হৈছে।
আনহাতে নিশাৰ ভাগত একাংশই নিজৰ অকণমান সময় ৰাহি কৰিবলৈ ভুল পথেৰে যান বাহন চলোৱাৰ পৰিপ্ৰেক্ষিতত অনাকাংক্ষিত ভাবে বিভিন্ন দুৰ্ঘটনা সংঘটিত হৈ আহিছে। উল্লেখ যোগ্য যে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া সকলোবোৰ নীতি নিয়ম জনসাধাৰণে মানি চলিবলৈ প্ৰতিজ্ঞাবদ্ধ। চৰকাৰে যি জৰিমনাৰ ব্যৱস্থা কৰিছে তাৰ জৰিয়তে নিশ্চিত ভাবে বুজন পৰিমাণৰ ৰাজহ সংগ্ৰহ হব আৰু সেয়া ৰাজ্যখনৰ উন্নয়নৰ নিমিত্তে খৰছ কৰা হ’ব।
একাংশই মন্তব্য কৰিছে যে উন্নয়নকামী অসমৰ সাধাৰণ জনতাই চৰকাৰৰ এই পদক্ষেপক সুন্দৰভাৱে আদৰণি যোগাব যদিহে চৰকাৰখনে জনসাধাৰণৰ অভাৱ-অভিযোগ বোৰ তথা যিখিনি সা-সুবিধা জনতাই লাভ কৰিব লাগে সেই কাৰ্য্যবোৰ সঠিক ৰূপত ৰূপায়ণ কৰে।
চৰকাৰে জনসাধাৰণৰ মতামত গ্ৰহণ কৰি ৰাষ্ট্ৰীয় ঘাইপথৰ ক্ষেত্ৰত ল’বলগীয়া ব্যৱস্থাসমূহ বিবেচনা কৰি সঠিক ৰূপত সিদ্ধান্ত গ্ৰহণ কৰিলে নিশ্চিতভাবে অসমৰ জনসাধাৰণে চৰকাৰখনক সহায় কৰিবলৈ আগবাঢ়ি আহিব বুলি ৰাইজে মত প্ৰকাশ কৰিছে।