শিশুক যৌন নিৰ্যাতনৰ অশ্লীল ভিডিঅ’ অনলাইনযোগে প্ৰচাৰ কৰা গেঙৰ বিৰুদ্ধে আজি এটা বিশাল অভিযান আৰম্ভ কৰিছে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চিবিআইয়ে ৷ দেশৰ অসমসহ ১৯খন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৬টা স্থানত অভিযান চলায় বুলি বিষয়াসকলে জানিবলৈ দিছে ৷
শিশু পৰ্ণগ্ৰাফী ভিডিঅ’ আৰু ছবি প্ৰচাৰৰ বিৰুদ্ধে চিবিআইয়ে এতিয়ালৈকে চলোৱা আটাইতকৈ বৃহৎ অভিযান হিচাপে বিবেচিত হৈছে “অপাৰেচন মেঘচক্ৰ” ৷ ছ’চিয়েল মিডিয়াৰ জৰিয়তে এনে ভিডিঅ’ প্ৰচাৰৰ লগত জড়িত ব্যক্তি আৰু গেংসমূহক চিনাক্ত কৰি ব্যৱস্থা গ্ৰহণ কৰাই এই অপাৰেচন মেঘচক্ৰৰ লক্ষ্য ৷ দীর্ঘদিন ধৰি এই গেংটোৱে নাবালিকাসকলক ব্লেকমেইল কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷
ছিংগাপুৰস্থিত ইন্টাৰপ’লৰ কাৰ্যালয়ৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত চিবিআইয়ে এই অনুসন্ধান অভিযান আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ৷ চিবিআইৰ বিষয়াসকলে কয় যে এই অভিযানটো যোৱা বছৰ চিবিআইয়ে একেধৰণৰ অভিযানৰ অংশ ৷ “অপাৰেচন কাৰ্বন” নামেৰে যোৱা বছৰত শিশু পৰ্ণগ্ৰাফিক সামগ্ৰী প্ৰচাৰৰ বাবে ব্যৱসায়ীসকলে ব্যৱহাৰ কৰা ক্লাউড ষ্ট’ৰেজ সমূহক লক্ষ্য কৰি লৈছিল।
যোৱা সপ্তাহত উচ্চতম ন্যায়ালয়ে শিশু পৰ্ণগ্ৰাফী সম্পৰ্কীয় গোচৰসমূহ নিৰীক্ষণৰ বাবে স্থাপন কৰা ব্যৱস্থা সন্দৰ্ভত বিশদ প্ৰতিবেদন দাখিল কৰিবলৈ কেন্দ্ৰক নির্দেশ দিছিল ৷ এই সন্দৰ্ভত শীৰ্ষ আদালতে ইণ্টাৰনেট কোম্পানীসমূহৰ পৰা প্ৰতিবেদন বিচাৰিছিল।
উচ্চতম ন্যায়ালয়ে ২০১৫ চনৰ পৰা শিশু পৰ্ণগ্ৰাফীৰ বিষয়টো চোৱাচিতা কৰি আহিছে ৷ এটা এনজিঅ’ই তেতিয়াৰ মুখ্য ন্যায়াধীশ দুটা ধৰ্ষণৰ ভিডিঅ’ প্ৰচাৰ সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰাৰ পাছত এই বিষয়টো উচ্চতম ন্যায়ালয়ে নিৰীক্ষণ কৰি আহিছে ৷২০১৮ চনত শুনানিৰ সময়ত চৰকাৰ আৰু গুগল, মাইক্ৰ’ছফ্ট, ফেচবুককে ধৰি বিভিন্ন প্ৰতিষ্ঠানে সন্মতি প্ৰকাশ কৰিছিল যে ধৰ্ষণ আৰু শিশু পৰ্ণগ্ৰাফীৰ ভিডিঅ’সমূহ প্ৰচাৰ হ’ব নালাগে ৷
এই অভিযানৰ অধীনত হিমাচল প্ৰদেশ, পঞ্জাৱ, হাৰিয়ানা, দিল্লী, উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, ছত্তীশগড়, মহাৰাষ্ট্ৰ, গুজৰাট, গোৱা, কৰ্ণাটক, তেলেংগনা আৰু তামিলনাডুতো অভিযান অব্যাহত ৰাখিছে ৷