ধাৰ কৰা টকাৰে ৫০০টকাৰ লটাৰী টিকেট কিনি একেৰাতিতে ২৫কোটি টকাৰ মালিক হ’ল কেৰেলাৰ এজন অট’চালক ৷ যাৰ জীৱনৰ এটা নিচা আছিল লটাৰী টিকট ক্ৰয় কৰা ৷ এইবাৰ ২০বছৰ ধৰি লটাৰী টিকেট ক্ৰয় কৰি একে ৰাতিতে ২৫কোটি টকা লাভ কৰিলে কেৰেলাৰ তিৰুৱন্তপুৰমৰ বাসিন্দা ৩০বছৰীয়া যুৱক এই অনুপ বিয়ে ৷
এই সাধাৰণ অট’চালক জনৰ নিছা হ’ল লটাৰী টিকেট ক্ৰয় কৰা ৷ ৩০বছৰীয়া অনুপে বিগত ২০বছৰ ধৰি লটাৰী টিকেট ক্ৰয় কৰি আছিল যদিও কেতিয়াও ২০০০টকাতকৈ অধিক পুৰষ্কাৰ পাবলৈ সক্ষম হোৱা নাছিল অনুপ ৷ অট’চলোৱাৰ আগতে অনুপ আছিল এজন ৰান্ধনী ৷ কিন্তু লকডাউনৰ সময়ছোৱাত তেওঁৰ এই কাম বন্ধ হৈ পৰিছিল আৰু হোটেলত কাম কৰি পোৱা টকাৰ পৰা আতৰাই থোৱা জমা পইচাৰে তেওঁ এখন অট’ কিনিছিল আৰু অট’ চলাবলৈ আৰম্ভ কৰিছিল ৷ কিন্তু অট’ কিনাৰ পিছতো তেওঁৰ সংসাৰৰ অভাৱ দূৰ হোৱা নাছিল ৷ অৱশেষত এই কষ্টৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁ মালয়েছিয়ালৈ যোৱাৰ সিদ্ধান্ত লৈছিল ৷
কিন্তু এইবোৰৰ মাজতো লটাৰী টিকেট কিনাৰ নিছা শেষ হোৱা নাছিল অনুপৰ ৷ বেংকৰ পৰা ৩লাখ টকাৰ ঋণ বিচাৰি তেওঁ আবেদন কৰিছিল যদিও তাৰ একো উত্তৰ পোৱা নাছিল ৷ অৱশেষত হতাশ হৈ পৰিছিল অনুপ বি ৷ তেনে সময়তেই নিশাৰ আহাৰ গ্ৰহণ কৰাৰ পিছত শুবলৈ যোৱাৰ সময়তে তেওঁ তেওঁৰ মোবাইলত এটি বাৰ্তা আহিছিল ৷ আজি প্ৰায় কেইদিনমানৰ আগত তেওঁ লাভ কৰা এই বাৰ্তাটোত লিখা আছিল যে অনুপে প্ৰথম পুৰষ্কাৰ হিচাপে ২৫কোটি টকা লাভ কৰিছে ৷ প্ৰথম অৱস্থাত এই কথা বিশ্বাস কৰিব পৰা নাছিল অনুপে আৰু নিজৰ পত্নীক লৈ বাৰে বাৰে টিকটৰ নম্বৰ মিলাই আছিল তেওঁ ৷ অৱশ্যে অৱশেষত তেওঁ নিশ্চিত হ’ল যে আগদিনা আনৰ পৰা ৫০০টকা ধাৰ লৈ কিনা লটাৰী টিকটোৱেই সলনি কৰিলে তেওঁৰ ভাগ্য ৷ তেওঁ হ’ল সেই লটাৰীখেলৰ প্ৰথম গৰাকী বিজেতা ৷ শণিবাৰে টিকেট কিনি দেওবাৰে ২৫কোটি টকা লাভ কৰি একেৰাতিতে ধনী হ’ল অনুপ ৷
অৱশ্যে কোটি কোটি টকা লাভ কৰাৰ পিছতো বহু মানুহ নিঃস্ব হৈ যায় ৷ কিন্তু সকলোৰে আশা অনুপ যেন ইয়াৰ ব্যতিক্ৰম নহয়