গোৱালপাৰাৰ মাটিয়াত উৎখাত জাল প্ৰমাণপত্ৰ বনোৱা চক্ৰ ৷ আৰক্ষীৰ জালত পৰিছে দুজন , জব্দ কৰিছে দুটা স্কেনাৰ, দুটা লেপটপ, দুটা প্ৰিণ্টাৰ আৰু দুটা মোবাইলৰ লগতে ভুৱা প্ৰমাণপত্ৰ । মাটিয়া ৰাজহচক্ৰ কাৰ্যালয়ৰ সমুখতে গোপনে এটা চক্ৰই চলাই গৈছিল ভুৱা চাৰ্টিফিকেটৰ ৰমৰমীয়া ব্যৱসায়। এই ভুৱা চক্ৰটোৰ কৱলত পৰা এগৰাকী ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত মাটিয়া আৰক্ষীয়ে অভিযান চলাই মাটিয়া ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সমুখতে থকা এখন ব্যৱসায়ীক প্ৰতিষ্ঠানৰ গৰাকী হাফিজুল ৰহমানক গ্ৰেপ্তাৰ কৰাৰ লগতে হাফিজুলৰ স্বীকাৰোক্তিৰ ভিত্তিতে মৰনৈ নেপালীখুঁটিৰ পৰা গ্ৰেপ্তাৰ কৰে বিল্লাল হুছেইনক। দুয়োজনৰে আছে একোখনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠান, য’ত ভুৱা চাৰ্টিফিকেটৰ কাম কৰিছিল ধৃত এই চক্ৰটোয়ে ৷
ইফালে আৰক্ষীয়ে দুয়োকে গ্ৰেপ্তাৰ কৰি ব্যৱসায়ীক প্ৰতিষ্ঠানত অভিযান চলাই আৰু তাত দুটা স্কেনাৰ, দুটা লেপটপ, দুটা প্ৰিণ্টাৰ আৰু দুটা মোবাইলৰ লগতে ভুৱা চাৰ্টিফিকেটও জব্দ কৰিবলৈ সক্ষম হয় ৷ মাটিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সমীৰ কোঁৱৰৰ নেতৃত্বত চলিছিল এই অভিযান ৷ দুয়োৰে পৰা নতুন নতুন তথ্য সংগ্ৰহৰ লগতে এই চক্ৰটোৰ সৈতে জৰিত থকা আন লোকক কৰায়ত্ত কৰাৰ স্বাৰ্থত দুয়োকে আদালতত হাজিৰ কৰাই পুনৰ আৰক্ষীৰ জিম্মাত লোৱাৰ সম্ভাৱনা আছে ৷