হিমাচল প্ৰদেশৰ কুল্লু জিলাত দেওবাৰে সন্ধিয়া সংঘটিত হয় এটা শোকাৱহ পথ দূর্ঘটনা ৷ এখন ট্ৰেভেলাৰ বাহন দ’খাৱৈত পৰি যোৱাত আই আই টি বাৰাণসীৰ তিনি ছাত্ৰসহ ৭ গৰাকী পৰ্যটকৰ মৃত্যু হয় ৷ লগতে ১০ গৰাকী যাত্ৰী আহত হয় ৷ বঞ্জাৰ মহকুমাৰ ঘিয়াঘীৰ সমীপত নিশা ৮:৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা।প্ৰাপ্ত তথ্য অনুসৰি ৫জন পৰ্যটকৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে আন দুজনৰ আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন অৱস্থাতে মৃত্যু হয়।
কুল্লুৰ আৰক্ষী অধীক্ষক গুৰদেৱ শৰ্মাই জানিবলৈ দিয়া মতে, মৃত লোক কেইজন উত্তৰ প্ৰদেশ আৰু দিল্লীৰ বাসিন্দা সৌৰভ, প্ৰিয়ংকা গুপ্তা, কিৰণ, ঋষভ ৰাজ আৰু আনশিকা জৈন আদিত্য আৰু অননমায়া। আহতসকলৰ ভিতৰত আছে হাৰিয়ানাৰ ৰাহুল গোস্বামী, ক্ষিতিজা আগৰৱালা, প্ৰিয়পাল, উত্তৰপ্ৰদেশৰ ঈশান গুপ্তা, চালক অজয় চৌহান, অভিনৱ সিং, নিষ্ঠা বদোনী, নতুন দিল্লীৰ ৰুশৱ, ৰাজস্থানৰ লক্ষয়া, মধ্যপ্ৰদেশৰ জয় আগৰৱালা ৷
আহতকেইজনক প্ৰথমে বঞ্জাৰ হাস্পতাললৈ লৈ যোৱা হয় য’ত তেওঁলোকক প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয় ৷ পৰৱর্তী সময়ত তেওঁলোকক চিকিৎসাৰ বাবে কুল্লু আঞ্চলিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী জয় ৰাম ঠাকুৰ আৰু ৰাজ্যখনৰ বাসিন্দা কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে এই ঘটনাত শোক প্ৰকাশ কৰে।