জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাম নবী আজাদে সোমবাৰে তেওঁৰ নতুন ৰাজনৈতিক দলৰ নাম ঘোষণা কৰে ৷ কংগ্ৰেছৰ পৰা পদত্যাগৰ পাছতে নতুন দল ঘোষণা কৰাৰ কথা ঘোষণা কৰিছিল ৷ তেওঁৰ নতুন দলটোৰ নাম হ’ব ‘ডেম’ক্ৰেটিক আজাদ পাৰ্টি’ ৷কংগ্ৰেছ দলৰ পৰা আজাদে পদত্যাগ কৰাৰ ঠিক এমাহৰ পিছতে নতুন দলৰ নাম তেওঁ ঘোষণা কৰে ৷
এখন সংবাদমেলত নতুন দলটোৰ নাম ঘোষণা কৰি আজাদে কয় যে এই সংগঠনটো ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক আৰু যিকোনো প্ৰভাৱৰ পৰা স্বাধীন হ’ব। গোলাম নবী আজাদে ডেম’ক্ৰেটিক আজাদ পাৰ্টিৰ পতাকাও উন্মোচন কৰে। পতাকাখনৰ ক্ৰমে হালধীয়া , বগা আৰু নীলা ৰঙ আছে । কালি আজাদে তেওঁৰ কৰ্মী আৰু নেতাসকলৰ সৈতে বৈঠকত মিলিত হৈছিল ৷
ইয়াৰ পূৰ্বে কংগ্ৰেছ ত্যাগ কৰাৰ পিছত জম্মুত অনুষ্ঠিত প্ৰথমখন ৰাজহুৱা সভাত আজাদে নিজৰ ৰাজনৈতিক সংগঠন মুকলি কৰাৰ কথা ঘোষণা কৰিছিল যিয়ে সম্পূৰ্ণ ৰাষ্ট্ৰপতি পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। আজাদে কয় যে আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি জম্মু-কাশ্মীৰত তেওঁৰ ৰাজনৈতিক সংগঠনৰ প্ৰথমটো গোট গঠন কৰিব ৷
তেওঁ কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি কয় –“ মানুহে মোক আৰু দল এৰি যোৱা মোৰ সমৰ্থকসকলক বদনাম কৰিবলৈ চেষ্টা কৰিছে ৷ কিন্তু তেওঁলোকৰ হাত কম্পিউটাৰ টুইটত সীমাবদ্ধ।কংগ্ৰেছ আমাৰ তেজৰ দ্বাৰা নির্মাণ কৰা হৈছে, কম্পিউটাৰৰ দ্বাৰা নহয় , টুইটাৰৰ দ্বাৰা নহয়। মানুহে আমাক বদনাম কৰিবলৈ চেষ্টা কৰিছে কিন্তু তেওঁলোকৰ হাত কম্পিউটাৰ আৰু টুইটত সীমাবদ্ধ। সেইবাবেই কংগ্ৰেছক ক’তো দেখা পোৱা নাই।’ আজাদে ২০০৫ চনৰ পৰা ২০০৮ চনলৈ জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।