অসমৰ ডিব্ৰুগড় জিলাৰ তিলৈ নগৰত ভাৰতৰত্ন ভূপেন হাজৰিকাৰ মূৰ্তিৰ এই দুৰৱস্থা দেখি সামাজিক মাধ্যম যোগে ক্ষোভ উজাৰিলে এজন অসমীয়া যুৱকে ।
সামাজিক মাধ্যমৰ ‘গ্ৰন্থ সুবাস’ নামৰ এটি সক্ৰিয় সাহিত্য গোটট আব্দুল লটিফ নামৰ এজন ফট’গ্ৰাফাৰে তোলা এখন ফটো আপলোড কৰি পংকজ শৰ্মা নামৰ যুৱকজনে ক’লে যে বলীউডৰ এখন জনপ্ৰিয় ছবি ‘লগে ৰহ’ মুন্নাভাই’ চিনেমাখনৰ দৰে তেওঁৰ ক’বলৈ মন গৈছে যে ভূপেন দাৰ প্ৰতিটো প্ৰতিমূৰ্তি ভাঙি দিয়ক। বেনাৰ পোষ্টাৰত ভূপেনদাৰ ফটো নিষিদ্ধ কৰক ।
যদি ৰাখিবই লাগে ,কন্ঠ আৰু শব্দৰে মায়াৰ পৃথিৱীক আৰু মনমুগ্ধকৰ কৰা মৰমৰ শিল্পীজনক হৃদয়ৰ মাজত ৰাখক।সদায়েই মানুহৰ মাজত থকা শিল্পীজনৰ মূৰ্তি নহওকেই লাগিলে,কিন্তু প্ৰাণৰ শিল্পীগৰাকীক ইমান সোনকালে ইমান অকলশৰীয়া নকৰিব ।যদি ৰাখিবই লাগে হৃদয়ত ৰাখক,এনেকৈ অকলশৰীয়া আলৈ আথানি নকৰিব।