বৰ্তমান সমগ্ৰ বিশ্বতে এক আগশাৰীৰ ও জনপ্ৰিয় খাদ্য শৃংখল ‘কে এফ চি’ ৷ অৱশ্যে বাক আৰু শ্ৰৱণ প্ৰতিবন্ধীসকলৰ বাবে বিভিন্ন সময়ত বিভিন্ন পদক্ষেপ লৈ অহা এই খাদ্য শৃংখলটোৱে এইবাৰ ল’লে এক অভূতপূৰ্ব পদক্ষেপ ৷ চলচ্চিত্ৰ নিৰ্মাতা সুজিত চৰকাৰৰ সহযোগিতাত ‘কে এফ চি’য়ে নিৰ্মাণ কৰিলে বাক আৰু শ্ৰৱণ প্ৰতিবন্ধীসকলৰ ছবি ‘ক্ষমতা’ ৷ সুজিত চৰকাৰে পৰিচালনা কৰা এই ছবিখন শণিবাৰে আন্তঃৰাষ্ট্ৰীয় সাংকেতিক ভাষা দিৱস উপলক্ষে দিল্লীৰ চানক্যপুৰীস্থিত পি ভি আৰত আনুষ্ঠানিক ভাৱে মুক্তি দিয়ে কে এফ চি ইণ্ডিয়াৰ মহাপ্ৰবন্ধক মোক্ষ চোপ্ৰা আৰু সুজিতে ৷
উল্লেখযোগ্য যে এই বিশেষ ছবিখনৰ স্ক্ৰিনিঙৰ পিছতে আয়োজিত এক আলোচনাত বাক আৰু শ্ৰৱণ প্ৰতিবন্ধীসকলৰ বাবে সম্ভাৱনাৰ পথ প্ৰশস্ত কৰা সন্দৰ্ভতো মত বিনিময় কৰা হয় ৷ ‘ক্ষমতা’ শীৰ্ষক এই বিশেষ ছবিখনৰ মুখ্য চৰিত্ৰ ৰূপায়ণ কৰিছে বাক আৰু শ্ৰৱণ প্ৰতিবন্ধী যুৱতী ইশ্মিতে ৷
২০০৮ চনৰ পৰাই এই খাদ্য শৃংখলটোৱে বাক আৰু শ্ৰৱণ প্ৰতিবন্ধী সকলৰ বাবে নিয়োগ আৰু বিকাশৰ সুযোগ বৃদ্ধি কৰি বৰ্তমান সময়লৈকে ১৫০জনতকৈও অধিক বাক আৰু শ্ৰৱণ প্ৰতিবন্ধী সদস্যৰ প্ৰতি সহাৰি অগবঢ়াইছে ৷ আনহাতে এইবাৰ প্ৰতিষ্ঠান টোৱে ‘আন্তঃৰাষ্ট্ৰীয় সাংকেতিক ভাষা দিৱস’ক স্মৰণীয় কৰি ৰাখিবলৈ স্পীক ছাইন অভিযানৰ অধীনত ১৯খন চহৰৰ ৩৩খন বিশেষ কে এফ চি ৰেষ্টুৰেণ্টত বিভিন্ন কাৰ্যকলাপ আৰম্ভ কৰিছে ৷