সমগ্ৰ ভাৰত বৰ্ষৰ ভিতৰতে প্ৰাকৃতিক শোভাৰে ভৰা দেশখনৰ উত্তৰ-পূৰ্বাঞ্চল আৰু এই উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যৰ ভিতৰত অৰুণাচল প্ৰদেশ তেনে এখন ৰাজ্য যাৰ প্ৰকৃতিক সৌন্দৰ্য্যই আকৰ্ষিত কৰে সমগ্ৰ বিশ্বৰ পৰ্য্যটক সকলকো ৷
আজি আপোনালোকক ক’বলৈ ওলাইছো অৰুণাচল প্ৰদেশৰ এখন সৰু আৰু আকৰ্ষণীয় গাঁৱৰ বিষয়ে ৷ মিচুকা নামৰ ইণ্ডো-তিব্বেতিয়ান সীমান্তৰ এই সৰু গাঁওখন অৰুণাচল প্ৰদেশৰ সকলোতকৈ আকৰ্ষণীয় ঠাই সমূহৰ ভিতৰত এখন ৷ শান্তিপূৰ্ণ এই ঠাইখন যেন পৰ্যটকসকলৰ বাবে সপোনপুৰীহে ৷ এই সৰু গাঁওখনৰ প্ৰাকৃতিক শোভা অতি মনোমোহা ৷ প্ৰকৃতাৰ্থত এই সৰু গাঁওখন অৱস্থিত এখন সুন্দৰ উপত্যকাত আৰু এই উপত্যকাখনৰ মাজেৰে বৈ গৈছে ফিয়ম নামৰ এখন নদী ৷ ফিয়ম নদীৰ পাৰে পাৰে মানুহৰ ঘন বসতি ৷ অৱশ্যে এই উপত্যকাত এনে বহুকেইখন গাঁও আছে যদিও এই সকলো গাঁৱৰ ভিতৰত বিখ্যাত গাঁওখনেই হ’ল মিচুকা ৷
এই ঠাইখনৰ যাত্ৰাপথ অৱশ্যে অতি দুৰ্গম ৷ অসমৰ পাঁচীঘাটৰ পৰা আলু চহৰত এৰাতি অতিবাহিত কৰি পৰ্যটক সকল উপনীত হয়গৈ মিচুকাত ৷ প্ৰাকৃতিক শোভাৰে ভৰা এই আকৰ্ষণীয় যাত্ৰা পথৰ অৱশ্যে কিছু কিছু অংশত পথৰ অৱস্থা শোচনীয় ৷ কিন্তু তথাপি কেউফালে পাহাৰ আৰু জলপ্ৰপাতৰ শোভা উপভোগ কৰি মিচুকালৈ বুলি যাত্ৰা কৰা পৰ্যটক সকলে লাভ কৰে বিপুল আনন্দ ৷
এই মিচুকাৰ প্ৰায় সকলোবোৰ ঘৰেই কাঠেৰে নিৰ্মিত ৷ আনহাতে সৰু হ’লেও মিচুকা অতি আকৰ্ষণীয় আৰু পৰিষ্কাৰ এখন গাঁও ৷ জানিব পৰা মতে অতিজত মিচুকা তিব্বতৰ অংশ আছিল আৰু ইয়াৰ বেছিভাগ লোকেই বুদ্ধ ধৰ্মাৱলম্বী ৷
সূৰ্যাস্তৰ পিছতেই শীত নামি আহে এই অঞ্চললৈ ৷ সেয়েহে জুই পুৱাই কথাৰ আমেজ লৈ মিচুকালৈ ফুৰিবলৈ অহা অতিথি সকলে যেন লাভ কৰে এক সৰগীয় সুখানুভূতি ৷